• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাঙোনমুখী মমতা বেনাৰ্জীৰ TMC! বিজেপিত যোগ দিব ৫০গৰাকী পৰিষদ আৰু ৪বিধায়কে!

ভাঙোনমুখী মমতা বেনাৰ্জীৰ TMC! বিজেপিত যোগ দিব ৫০গৰাকী পৰিষদ আৰু ৪বিধায়কে!

বিজেপিৰ আগ্ৰাসনত হতভম্ব মমতা বেনাৰ্জী, দলৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকা!

বিজেপিৰ আগ্ৰাসনত হতভম্ব মমতা বেনাৰ্জী, দলৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকা!

বিজেপিৰ আগ্ৰাসনত হতভম্ব মমতা বেনাৰ্জী, দলৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকা!

  • News18
  • Last Updated :
  • Share this:
    লোকসভা নিৰ্বাচনৰ ফলাফলৰ কুফল ভুগিছে মমতা দিদিয়ে। যিকোনো মুহূৰ্তত দলৰ বহুকেইগৰাকী সদস্যই বিজেপিত যোগ দিব পাৰে। টিএমচিৰ ৫০গৰাকী পৰিষদ আৰু ৪গৰাকী বিধায়কৰ নাম এইক্ষেত্ৰত বিশেষভাৱে উচ্চাৰিত হৈছে। এই দলত্যাগীসকলৰ নেতৃত্বত আছে মুকুল ৰয়ৰ বিদ্ৰোহী পুত্ৰ তথা বিধায়ক শুভ্ৰাংসু ৰয়। শুভ্ৰাংসু ৰয়ে বিজেপিত যোগদান কৰাৰ লগে লগে তেওঁৰ পদানুসৰণ কৰি কেইবাজনো বিধায়ক আৰু এক ডজনতকৈ অধিক পৰিষদীয় সদস্য গেৰুৱা দললৈ ঢাপলি মেলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

    মমতা বেনাৰ্জীয়ে নিলম্বন কৰা দলৰ জ্যেষ্ঠ নেতা মুকুল ৰয়ৰ দাবী লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ পিছতে বহুকেইগৰাকী টিএমচি বিধায়ক বিজেপিৰ সৈতে যোগাযোগত আছে। সূত্ৰত প্ৰকাশ পোৱা মতে যিকোনো মুহূৰ্তত বিজেপিত চামিল হ’ব পাৰে টিএমচিৰ ৫০গৰাকী পৰিষদীয় সদস্য। ইয়াৰ ভিতৰত তিনিগৰাকী চেয়াৰমেনো আছে। উচ্চাৰিত হৈছে চাৰিগৰাকী বিধায়কৰ নামো।

    এই বিদ্ৰোহী বিধায়কৰ তালিকাত মুকুল ৰয়ৰ পুত্ৰ বিধায়ক শুভ্ৰাংসু ৰয়ৰ নাম উল্লেখযোগ্য। শুভ্ৰাংসুয়েই একমাত্ৰ বিজেপিত যোগদান কৰিবলৈ লোৱা নাই, তেওঁৰ আগতেই পিতৃয়ে ২০১৮চনতে বিজেপিৰ আঁচলত ধৰিবলৈ টিএমচিৰ পৰা আঁচৰি গৈছিল। এতিয়া পিতৃৰ পদানুসৰণ কৰি শুভ্ৰাংসুয়ে মোদী নামৰ ধ্বনি দিবলৈ আঁতৰিব বিচাৰিছে।

    উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত বিজেপিয়ে বংগত ৪২খন আসনৰ ভিতৰত ১৮খন আসনত জয়ী হৈছিল। এতিয়া বিজেপিয়ে ২০২১চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কলকাতাৰ পৌৰ নিগমৰ প্ৰতি লক্ষ্য স্থিৰ কৰিছে। বিজেপিৰ লক্ষ্য বংগৰ পৰা মমতা বেনাৰ্জীক আঁতৰোৱা আৰু গেৰুৱা দলৰ উত্থানত শংকিত হৈ পৰিছে বংগ কন্যা।

    আনহাতে একাংশ সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে এগৰাকী, দুগৰাকী নহয় বৰং ১০গৰাকীতকৈ অধিক বংগৰ পৰিষদীয় সদস্যই দিল্লীত বিজেপিত যোগদান কৰাৰ কুচ কাৱাজ চলাইছে। ইয়াৰ মাজত যদি দুই–চাৰিগৰাকী বিধায়কেও বিজেপিত যোগ দিয়ে তেনেহ’লে আচৰিত কথা নহ’ব।

    নিউজ18ৰ সৈতে হোৱা বাৰ্তালাপত বংগত বিজেপিৰ দায়িত্ববাহী কৈলাশ বিজয়বৰ্গীয়ই কয়, বংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ন্যু ইণ্ডিয়াৰ দৃষ্টিভংগীক আদৰি লৈছে ৰাইজে। এই কাৰণতে এইবাৰ নিৰ্বাচনত ৰাইজে মমতা বেনাৰ্জীৰ টিএমচিক প্ৰত্যাখ্যান কৰিছে। সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ১৮খন আসন লাভ কৰিলে আৰু এই জয়ৰ প্ৰভাৱ মিউনিচিপাল ইলেকচন আৰু এছেম্বলি নিৰ্বাচনতো দলে পাব। नाव में जीत दर्ज करेगी.

    প্ৰকৃততে লোকসভা নিৰ্বাচনত টিএমচিৰ বেয়া প্ৰদৰ্শনৰ পিছত মমতা বেনাৰ্জীৰ প্ৰতি আস্থা হেৰুৱাব লৈছে তেওঁৰ কাউন্সিলৰ, তেওঁৰ বিধায়সকলে।  দাবী কৰাৰ দৰে ৪০গৰাকী বিধায়কে যদি গেৰুৱা দলৰ শক্তি বৃদ্ধি কৰে তেনেহ’লে পশ্চিম বংগত নিশ্চিহ্ন হৈ পৰিব বংগ কন্যা।
    Published by:Tulika Devi
    First published:

    শেহতীয়া বাতৰি