• Home
  • »
  • News
  • »
  • nation
  • »
  • Lawrence Bishnoi: ৫০ জন কমাণ্ডো, ২ খন বুলেটপ্ৰুফ গাড়ী, ১২ খন এস্কৰ্ট বাহন: গেংষ্টাৰ বিষ্ণয়ৰ বাবে পঞ্জাৱ আৰক্ষীৰ নিৰাপত্তা বেষ্টনী

Lawrence Bishnoi: ৫০ জন কমাণ্ডো, ২ খন বুলেটপ্ৰুফ গাড়ী, ১২ খন এস্কৰ্ট বাহন: গেংষ্টাৰ বিষ্ণয়ৰ বাবে পঞ্জাৱ আৰক্ষীৰ নিৰাপত্তা বেষ্টনী

Sidhu Moose Wala Murder Case: মুছে ৱালা হত্যাকাণ্ডৰ সৈতে জড়িত বিষ্ণয়ক গ্ৰেপ্তাৰৰ অনুমতি প্ৰদান কৰিলে দিল্লীৰ আদালতে। অৱশ্যে পঞ্জাৱ আৰক্ষীৰ ট্ৰেনজিট ৰিমাণ্ড আবেদন বিচাৰাধীন হৈ আছে।

  • Share this:
গেংষ্টাৰ লৰেন্স বিষ্ণয় (Lawrence Bishnoi)ক দিল্লীৰ পৰা পঞ্জাৱলৈ নিবলৈ বৃহত নিৰাপত্তা ব্যৱস্থা কৰিছে পঞ্জাৱ আৰক্ষীয়ে। ইয়াত পঞ্জাৱ আৰক্ষীৰ ৫০ জন কমাণ্ডো, দুখন বুলেটপ্ৰুফ বাহন আৰু ১২ খন এস্কৰ্ট বাহন থাকিব। ২৯ মে’ত সিদ্ধু মুছেৱালাৰ হত্যা (Sidhu Moose Wala’s killing)ৰ গোচৰত গ্ৰেপ্তাৰ কৰি পঞ্জাৱ (Punjab)লৈ নিয়া হ'ব গেংষ্টাৰ লৰেন্স বিষ্ণয়ক।

অস্ত্ৰ আইনৰ বিভিন্ন গোচৰত তিহাৰ কাৰাগাৰত আছে গেংষ্টাৰ লৰেন্স বিষ্ণয়। ৩ জুনত বিষয়াসকলে জনোৱা মতে, বিষ্ণয়ে তদন্তকাৰী বিষয়াক জনাইছে যে গোল্ডী ব্ৰাৰ (Goldy Brar)কে ধৰি তেওঁৰ গেঙৰ সদস্যসকলে ষড়যন্ত্ৰ কৰি মুছে ৱালাক হত্যা কৰিছিল।

তেওঁলোকৰ মতে, দিল্লী আৰক্ষী (Delhi Police)ৰ বিশেষ কোষৰ জিম্মাত থকা বিষ্ণয়ে অভিযোগ কৰিছে যে যোৱা ৭ আগষ্টত আকালি দলৰ যুৱ নেতা বিক্ৰমজিৎ সিং ওৰফে বিকি মিদ্দুখেৰাৰ হত্যাকাণ্ডত মুছে ৱালা জড়িত আছিল, যাৰ পৰিণতিত মুছেৱালাৰ হত্যা হৈছিল।"

মুছে ৱালা হত্যাকাণ্ডৰ সৈতে জড়িত বিষ্ণয়ক গ্ৰেপ্তাৰৰ অনুমতি প্ৰদান কৰিলে দিল্লীৰ আদালতে। অৱশ্যে পঞ্জাৱ আৰক্ষীৰ ট্ৰেনজিট ৰিমাণ্ড আবেদন বিচাৰাধীন হৈ আছে।
Published by:Manjumoni Borah
First published: