দীপাৱলীৰ আনন্দৰ মাজতে মৰ্মান্তিক ঘটনা! আতচবাজীৰ আঘাতত শিশুৰ কৰুণ মৃত্যু

News18-Assam
Updated:October 28, 2019, 9:53 AM IST
দীপাৱলীৰ আনন্দৰ মাজতে মৰ্মান্তিক ঘটনা! আতচবাজীৰ আঘাতত শিশুৰ কৰুণ মৃত্যু
সাংকেতিক ফটো (Photo Credit : News18 Bangla)

নিহত শিশুটিৰ নাম আদি দাস। দেওবাৰে সন্ধিয়া বেহালাৰ শীলপাৰাত সংঘটিত হয় এই ঘটনা।

  • Share this:
দীপাৱলীৰ আনন্দৰ মাজতে কলকাতাৰ বেহালাত সংঘটিত হয় এক কৰুণ ঘটনা। আতচবাজীৰ আঘাতত মৃত্যুক সাবটি ল’লে এটি ৫ বছৰীয়া শিশুৱে। নিহত শিশুটিৰ নাম আদি দাস। দেওবাৰে সন্ধিয়া বেহালাৰ শীলপাৰাত সংঘটিত হয় এই ঘটনা।

দীপাৱলীৰ সন্ধিয়া আইতাকৰ সৈতে ৰাস্তাৰে গৈ আছিল শিশুটি। ৰাস্তাত একাংশ লোকে জ্বলাই আছিল আতচবাজী। হঠাৎ আতচবাজীৰ এটুকুৰা খোলা আহি প্ৰচণ্ড আঘাত কৰে শিশুটিৰ ডিঙিত। তাৰ পিছতে শিশুটিৰ ডিঙিৰ পৰা প্ৰচণ্ড ৰক্তপাত হ’বলৈ ধৰে। লগে লগে শিশুটিক বিদ্যাসাগৰ হাস্পতাললৈ নিয়া হয়। কিন্তু হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: October 28, 2019, 9:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading