আৰক্ষীক গতাই দিয়াৰ পিছত জে’ল যাত্ৰা৷ জে’ললৈ যোৱাৰ পিছত ঘটিল বহু ঘটনা৷ সময়ৰ সোঁতত বহু ঘটনা প্ৰৱাহ৷ বহু দুৰ্যোগৰ মুখামুখি হ'ল আপোচহীন NSCN-K৷ শুকুৰবাৰ৷ ১৭ এপ্ৰিল, ২০২০৷ জে’লৰ পৰা মুকলি হ'ল তেওঁলোক৷ মানে NSCN-Kৰ শীৰ্ষ পাঁচ নেতা৷ যি সংগঠনৰ নীতি নিৰ্ধাৰণত বিশেষ ভূমিকা লৈ আহিছিল৷
খামতি জে’লৰ পৰা শুকুৰবাৰে আবেলি মুকলি আকাশৰ তললৈ আহে আটাইকেইজন৷ মুকলি হৈয়ে নিজ নিজ পৰিয়ালৰ কাষলৈ ৰাওনা হয়৷ আচলতে ম্যানমাৰৰ নতুন বছৰ 'তাজান পাৱে' উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতিয়ে এক বিশেষ ক্ষমাদান ঘোষণা কৰে৷ কাৰাৰুদ্ধ কয়দীৰ বাবে ঘোষণা কৰে এই ক্ষমাদান৷ ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ক্ষমাদানৰ তালিকাত মুঠ ২৪,৮৯৬জন কয়দীৰ নাম আছিল৷ এই দীঘলীয়া তালিকাতেই নাম সন্নিৱিষ্ট হ'ল পাঁচ NSCN-Kৰ শীৰ্ষ নেতাৰ নাম৷