মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰেমিক–প্ৰেমিকাক ঘেৰাও কৰি নৃশংতাৰ ভিডিঅ’ ভাইৰেল, যুৱকক মাৰপিট–যুৱতীৰ সৈতে জোৰ–জুলুম

প্ৰেমিক–প্ৰেমিকাক ঘেৰাও কৰি নৃশংতাৰ ভিডিঅ’ ভাইৰেল, যুৱকক মাৰপিট–যুৱতীৰ সৈতে জোৰ–জুলুম

বিহাৰত এইধৰণৰ ঘটনা পূৰ্বেও বহুবাৰ ঘটিছে, কিন্তু প্ৰশ্ন এটাই বিহাৰ আৰক্ষী কিয় কূম্ভকৰ্ণ নিদ্ৰাত আছে।

বিহাৰত এইধৰণৰ ঘটনা পূৰ্বেও বহুবাৰ ঘটিছে, কিন্তু প্ৰশ্ন এটাই বিহাৰ আৰক্ষী কিয় কূম্ভকৰ্ণ নিদ্ৰাত আছে।

  • Share this:
বেগুছৰায়ঃ দেশৰ প্ৰতিটো কোণৰ পৰা এইধৰণৰ ঘটনা ঘটিয়েই থাকে, য’ত মহিলাৰ সন্মানৰ সৈতে মুকলিভাৱে খেলা কৰা হয়। কিছুদিন পূৰ্বে ৰাজস্থানত সংঘটিত হৈছিল এনে এক ঘটনা, য’ত কেইজনমান উদণ্ড যুৱকে স্বামীৰ সন্মুখতে এগৰাকী যুৱতীক বলাৎকাৰ কৰিছিল।

এনে এক ঘটনা সংঘটিত হৈছে বিহাৰৰ বেগুছৰায়ত। কেইজনমান উদণ্ড যুৱকে প্ৰেমিক–প্ৰেমিকাক লাঠীৰে মাৰধৰ কৰাৰ লগতে যুৱতীগৰাকীৰ সৈতে টনা–আজোৰা কৰাৰ লগতে ধৰ্ষণ কৰাৰো অপচেষ্টা চলায়।

এই ঘটনাটোৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা পোৱা ৬জন যুৱকে যুৱতীগৰাকীৰ সৈতে টনা–আজোৰা কৰি থাকে। যুৱতী আৰু যুৱতীৰ প্ৰেমিকে এৰি দিয়াৰ বাবে কাকূতি–মিনতি কৰাত পাষণ্ড যুৱককেইজনে অশ্লীল গালি–গালাজ কৰি লাঠীৰে মাৰধৰ কৰে। এই ঘটনাটো সংঘটিত হৈছে বীৰপুৰ থানাৰ জগদৰ গাঁৱত।



সমাজৰ ঠিকাদাৰ
প্ৰথমটো কথা হ’ল যে যদি কৰবাত প্ৰেমিক–প্ৰেমিকা বহি থাকে তেন্তে এই পাষণ্ডকেইটাক কোনে অধিকাৰ প্ৰদান কৰিলে যে তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ কৰিব। যুৱতী আৰু যুৱক প্ৰাপ্তবয়স্ক আৰু যদি তেওঁলোক কৰবাত বহি থাকে বা ঘূৰি ফুৰে তেন্তে সমাজৰ এই ঠিকাদাৰ কেইজনৰ কিয় ইমান গাত জুই লাগে। এই যুৱককেইজনৰ ভিতৰত এজন যুৱকে যুৱতীগৰাকীৰ সৈতে ছেলফি ল’বলৈও চেষ্টা কৰা দেখা গৈছে।

শেহতীয়া বাতৰি