জম্মু–কাশ্মীৰত এটা পৰিয়ালক সন্ত্ৰাসবাদীৰ কবলৰ পৰা বচাবলৈ গৈ শ্বহীদ হ’ল ৫ জোৱান

FILE PHOTO
এই সংঘৰ্ষত নিহত হয় দুটা সন্ত্ৰাসবাদী।
- News18 Assam
- Last Updated: May 3, 2020, 1:22 PM IST
শুকুৰবাৰে সনাই উক্ত অঞ্চলৰ এটা ঘৰত সন্ত্ৰাসবাদীৰ দল এটাই আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল। তাৰ পিছতে সেনা–আৰক্ষীয়ে চলাইছিল অভিযান। অভিযান কালত সেনা আৰক্ষীৰ সৈতে তুমুল সংঘৰ্ষ হয় সন্ত্ৰাসবাদীৰ দলটোৰ।
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে এই ঘটনাত শোক প্ৰকাশ কৰে। ৰাজনাথ সিঙে কয় যে সৈনিকে দেশৰ বাবে দিয়া এই বলিদান পাহৰিব পৰা নাযায়। মই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱাসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছো। দিল্লীৰ পৰা তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। শ্বহীদৰ পৰিয়ালৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈ থাকিব ভাৰত।