শৈক্ষিক পৰিবেশ বৰ্তাই ৰখাৰ কৌশল! বিশ্ববিদ্যালয় সমূহত থাকিব ‘দুষ্ট ল’ৰাৰ’ তালিকা!

News18 Assam | News18-Assam
Updated:September 9, 2020, 10:40 PM IST
শৈক্ষিক পৰিবেশ বৰ্তাই ৰখাৰ কৌশল! বিশ্ববিদ্যালয় সমূহত থাকিব ‘দুষ্ট ল’ৰাৰ’ তালিকা!
Source-Google

বিশ্ববিদ্যালয়ৰ চৌহদত অনুশাসন আৰু শৈক্ষিক পৰিবেশ অটুট ৰখাৰ বাবে আলোচনতা মিলিত হয় দেশৰ ৫ খন আগশাৰীৰ বিশ্ববিদ্যালয়।

  • News18 Assam
  • Last Updated: September 9, 2020, 10:40 PM IST
  • Share this:
এতিয়াৰ পৰা বিশ্ববিদ্যালয়সমূহ থাকিব দুষ্ট ল’ৰাৰ তালিকা! বিশ্ববিদ্যালয়ৰ চৌহদত অনুশাসন আৰু শৈক্ষিক পৰিবেশ অটুট ৰখাৰ বাবে আলোচনতা মিলিত হয় দেশৰ ৫ খন আগশাৰীৰ বিশ্ববিদ্যালয়। দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়া উদ্যোগত মঙলবাৰে অনুষ্ঠিত হোৱা ‘Discipline in Universities' শীৰ্ষক এই ‘ৱেবিনাৰ’ত অংশগ্ৰহণ কৰিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আলিগড় মুছলিম বিশ্ববিদ্যালয়, বানাৰস হিন্দু বিশ্ববিদ্যালয় আৰু জামিয়া হমদৰ্দ বিশ্ববিদ্যালয়ৰ শীৰ্ষ কৰ্তৃপক্ষই। আলোচনাত বিশ্ববিদ্যালয় সমূহৰ উশৃংখল শিক্ষাৰ্থী আৰু পঢ়াৰ প্ৰতি ধাউতি থকা শিক্ষাৰ্থীৰ মাজত এক ব্যৱধান গঢ়াৰ পোষকতা কৰা হয়।

পঢ়া শুনাত মন নথকা ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ কাৰণে বিশ্ববিদ্যালয়ৰ চৌহদ ব্যৱহাৰৰ কৰাৰ মানসিকতাৰে অহা উশৃংখল শিক্ষাৰ্থীৰ এখন তালিকা প্ৰস্তুত কৰাৰো প্ৰস্তাৱ আগবঢ়োৱা হয় আলোচনাত। দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত আজি এই বাতৰি সবিস্তাৰে প্ৰকাশ পায়।

আলোচনা চক্ৰৰ আঁত ধৰি জামিয়াৰ উপাচাৰ্য নাজমা আখতাৰে বিশ্ববিদ্যালয় চৌহদৰ শান্তি বাহাল ৰখাৰ দায়িত্ব কৰ্তৃপক্ষৰ বুলি কয় আৰু পুলিচৰ হস্তক্ষেপ দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। অৱশ্যে তেওঁ পুলিচ আৰু শিক্ষাৰ্থীৰ মাজত এক বন্ধুত্বমূলক সম্বন্ধ গঢ়াৰ পোষকতা কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনসাপেক্ষে পুলিচৰ সহায় ল’ব পাৰে। কিন্তু জামিয়াৰ পঞ্জীয়ক এপি ছিদ্দিকীয়ে পঢ়া-শুনাৰে কোনো সম্বন্ধ নথকা ‘নষ্ট’ যোৱা শিক্ষাৰ্থীৰ তালিকা বিশ্ববিদ্যালয়ে মজুত ৰখাৰ দিশত মতপোষণ কৰে ।

বিশ্ববিদ্যালয়খনৰ ‘Chief Proctor’ ৱাচীম আহমদ খানেও তেনে ‘দুষ্ট’ শিক্ষাৰ্থীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কয়। “আমি সকলোৰে বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন নাই; কিন্তু যি কেইজন তেনে বিশৃংখল কাৰ্যকলাপ গুৰি ধৰোতা আৰু যি বাহিৰৰ ‘God-Father’ৰ দ্বাৰা পৰিচালিত তেওঁলোকক নাকী লগাব লাগে।’, এই মন্তব্য ছিদ্দিকীৰ ।

আলোচনাচক্ৰত অংশগ্ৰহণ কৰি জে এন ইউৰ ‘Chief Proctor’ ধনঞ্জয় সিঙে কয় – জে এন ইউৰ চৌহদ দিনে দনে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ মঞ্চ হৈ পৰিছে। যাৰ ফলত দেখা দিয়া বিশৃংখলতা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অন্ত পেলাব নোৱাৰে। ইয়াৰ কাৰণে পুলিচৰ হস্তক্ষেপ আৱশ্যক হৈ পৰে। তেওঁ শিক্ষাৰ্থী আৰু আৰক্ষীৰ মাজৰ সম্পৰ্ক সুদৃঢ় হোৱাটো বিচাৰে ।

আলিগড় মুছলিম বিশ্ববিদ্যালয় Chief Proctor মহম্মদ ৱাচিমে কয় – অপৰাধী আৰু নষ্ট যোৱা ল’ৰাৰ বিশ্ববিদ্যালয়ত কোনো স্থান থাকিব নালাগে। বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ Chief Proctor অপি ৰায়েও অনুশাসন ভংগ কৰা শিক্ষাৰ্থীৰ তালিকা প্রস্তুত কৰাৰ দিশত মতামত প্ৰদান কৰে।
Published by: Himangshu Bhuyan
First published: September 9, 2020, 10:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading