কাৰাৰুদ্ধ ৫ NSCN(K)ৰ শীৰ্ষ নেতাক আদালতত হাজিৰ কৰালে ম্যানমাৰ আৰক্ষীয়ে

ম্যানমাৰ সেনাই আটক কৰি আৰক্ষীৰ হাতত গটাই দিয়া পাঁচ শীৰ্ষ এন এছ চি এন (কে)ৰ নেতাক শুকুৰবাৰে কঠোৰ নিৰাপত্তা বেহুৰ মাজেৰে হাজিৰ কৰোৱা হয় আদালতত ৷

news18assam
Updated:April 20, 2019, 11:31 AM IST
কাৰাৰুদ্ধ ৫ NSCN(K)ৰ শীৰ্ষ নেতাক আদালতত হাজিৰ কৰালে ম্যানমাৰ আৰক্ষীয়ে
ম্যানমাৰ সেনাই আটক কৰি আৰক্ষীৰ হাতত গটাই দিয়া পাঁচ শীৰ্ষ এন এছ চি এন (কে)ৰ নেতাক শুকুৰবাৰে কঠোৰ নিৰাপত্তা বেহুৰ মাজেৰে হাজিৰ কৰোৱা হয় আদালতত ৷
news18assam
Updated: April 20, 2019, 11:31 AM IST
বিজু কুমাৰ ডেকা : ম্যানমাৰ সেনাই আটক কৰি আৰক্ষীৰ হাতত গটাই দিয়া পাঁচ শীৰ্ষ এন এছ চি এন (কে)ৰ নেতাক শুকুৰবাৰে কঠোৰ নিৰাপত্তা বেহুৰ মাজেৰে হাজিৰ কৰোৱা হয় আদালতত ৷ আদালতত হাজিৰ কৰোৱাৰ সময়ত আটাইকেইজন নগা বিদ্ৰোহী নেতাই শান্তি প্ৰক্ৰিয়াৰ বাবে ম্যানমাৰ চৰকাৰে তেওঁলোকক মুকলি কৰি দিব লাগে বুলি সদৰি কৰে ৷

বিগত ৯ মাৰ্চত দেশখনৰ সেনা টাটমাদাউয়ে ছাগায়িং প্ৰদেশৰ খামটি চহৰৰ পৰা আটক কৰিছিল আটাইকেইজন এন এছ চি এন (কে)ৰ শীৰ্ষ নেতাক ৷ নগা বিদ্ৰোহী নেতা কেইজনৰ বিৰুদ্ধে দেশখনৰ Article 71/1 ধাৰা ৰুজু কৰা হৈছে ৷ য'ত সংলগ্ন হৈছে ম্যানমাৰৰ বে–আইনী সংযোজন এক্ট ৷

শুকুৰবাৰে দেশখনৰ আৰক্ষীয়ে নগা বিদ্ৰোহী সংগঠনটোৰ শান্তি আলোচনা গোটৰ নেতা ইউ আন কাম, মুখপাত্ৰ ইউ য়াউ ৱান শ্বেইন, ইউ শ্বাও টেইন, মেজৰ জেনেৰেল য়ুং মাই, লেফটেনেণ্ট কৰ্ণেল য়ুং ছাইক আদালতত হাজিৰ কৰায় ৷ কিন্ত আদালতে পুনৰ ২৯ এপ্ৰিলত গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে আৰু আটাইকেইজনকে পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰে ৷

News18ক শীৰ্ষ এক কমাণ্ডাৰে সদৰি কৰা মতে সংগঠনটোৰ পৰা ইতিমধ্যে ম্যানমাৰ চৰকাৰ আৰু সেনালৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে ৷ সেই হিচাপত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি এন এছ চি এন (কে) আশাবাদী ৷

মূলত ভাৰতীয় বিদ্ৰোহী সংগঠন আলফা (স্বাধীন), এনডিএফবি(এছ), কেএলঅ’, ইউএনএলএফ, প্ৰিপাক্, কেৱাইকেএল, পিএলএ আদিক ম্যানমাৰৰ ভূমিত আশ্ৰয় দিয়াৰ অভিযোগ এনএছচিএন (কে)ৰ বিৰুদ্ধে ৷

উল্লেখযোগ্য যে বিগত ২৯ জানুৱাৰীত নাটকীয়ভাৱে নগা বিদ্ৰোহী সংগঠন এনএছচিএন (কে)ৰ মুখ্য শিবিৰত আক্ৰমণ কৰিছিল ৷ সংগঠনটোৰ টাগা অঞ্চলত থকা মুখ্য শিবিৰত আক্ৰমণ কৰাত সকলো নেতা–কেডাৰে বিনাযুদ্ধে ম্যানমাৰ সেনাক এৰি দি শিবিৰ ত্যাগ কৰিছিল ৷ সমান্তৰালভাৱে দেশখনৰ সেনাৰ এটা বৃহৎ দলে টাগা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত থকা ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনসমূহৰ শিবিৰো উৎখাত কৰিছিল ৷ য'ত উৎখাত হৈছিল আলফা(স্বাধীন), এনডিএফবি(এছ), কেএলঅ’, ইউএনএলএফ, প্ৰিপাক্, কেৱাইকেএল, পিএলএ আদি সংগঠনৰসমূহৰ শিবিৰ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি