কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে পশ্চিম বংগৰ ৫ শ্ৰমিকক, এজন আহত

জম্মু–কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে বাহিৰৰ লোকক লক্ষ্য কৰি লৈছে।

News18-Assam
Updated:October 30, 2019, 8:13 AM IST
কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে পশ্চিম বংগৰ ৫ শ্ৰমিকক, এজন আহত
জম্মু–কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে বাহিৰৰ লোকক লক্ষ্য কৰি লৈছে।
News18-Assam
Updated: October 30, 2019, 8:13 AM IST
কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে ৫জন শ্ৰমিকক। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় আন এজন শ্ৰমিক। কুলগামত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে এই আক্ৰমণ। নিহত শ্ৰমিকসকলৰ ঘৰ পশ্চিম বংগৰ মুৰ্ছিদাবাদত। জম্মু–কাশ্মীৰত দিন হাজিৰা কৰি পৰিয়াল চলাইছিল লোককেইজনে।

নিহত শ্ৰমিককেইজনৰ নাম মুছলিম শ্বেখ, কমৰউদ্দিন শ্বেখ, ৰফিক শ্বেখ, নাইম উদ শ্বেখ আৰু ৰফিকুল বুলি জানিব পৰা গৈছে। আনহাতে, আহত শ্ৰমিকজনৰ নাম হৈছে জহুৰ উদ্দিন।

জম্মু–কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে বাহিৰৰ লোকক লক্ষ্য কৰি লৈছে। বিগত ১৫ দিনত ১১জন লোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি