உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • অতিবৃষ্টিত তামিলনাডুত নিহত ৫, বিপদৰ মাজত অন্ধ্ৰ প্ৰদেশ, আগন্তুক ৪৮ ঘণ্টাক লৈ সতৰ্কতা জাৰি

    অতিবৃষ্টিত তামিলনাডুত নিহত ৫, বিপদৰ মাজত অন্ধ্ৰ প্ৰদেশ, আগন্তুক ৪৮ ঘণ্টাক লৈ সতৰ্কতা জাৰি

    অন্ধ্ৰ প্ৰদেশত বৰষুণৰ বাবে সংকট গভীৰ হোৱাৰ আশংকা আছে।

    অন্ধ্ৰ প্ৰদেশত বৰষুণৰ বাবে সংকট গভীৰ হোৱাৰ আশংকা আছে।

    অন্ধ্ৰ প্ৰদেশত বৰষুণৰ বাবে সংকট গভীৰ হোৱাৰ আশংকা আছে।

    • Share this:

    ধাৰাসাৰ বৰষুণৰ গ্ৰাসত পৰিছে দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী। বৰ্তমানলৈ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ বাতৰি পোৱা গৈছে। তামিলনাডুৰ ৰাজধানী চেন্নাইকে ধৰি কেইবাটাও অঞ্চলত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণ অব্যাহত আছে। ৰাজ্যখনত বৰষুণ সম্পৰ্কীয় ঘটনাত নিহতৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে। প্ৰায় ৬০টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।


    ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে অহা তিনি দিনৰ বাবে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা আছে। ধাৰাসাৰ বৰষুণ, বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনডিআৰএফৰ দল মোতায়েন কৰা হৈছে। আইএমডিয়ে ৰাজ্যখনৰ ১৪খন জিলাত কমলা সতৰ্কবাণী জাৰি কৰিছে।


    বতৰ বিভাগৰ ডিজিজিএম ড০ এছ বালাচন্দ্ৰনে কয় যে আজি তামিলনাডুৰ পুডুকট্টাই, ৰমান্থাপুৰম, কৰাইকাল আৰু কাইলৈ কুড্ডালোৰ, ভিল্লুপুৰম, শিৱগঙ্গা, ৰমান্থাপুৰম, কৰাইকাল জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পুডুচেৰীৰ শিক্ষামন্ত্ৰী এ নামা শিৱায়ামে ঘোষণা কৰিছে যে নেৰানেপেৰা বৰষুণৰ বাবে ১০ আৰু ১১ নৱেম্বৰত সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ থাকিব।


    আনহাতে অন্ধ্ৰ প্ৰদেশত বৰষুণৰ সংকট গভীৰ হোৱাৰ আশংকা আছে। বতৰ বিভাগৰ মতে, কাইলৈ আৰু পৰহিৰ দিনা ৰাজ্যখনত প্ৰবল বৰষুণ হ'ব পাৰে। সেয়েহে দক্ষিণ অন্ধ্ৰ প্ৰদেশ, তামিলনাডুৰ ওচৰৰ সমুদ্ৰ তীৰত মাছমৰীয়াসকলক দুদিনীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

    Published by:Gautam Barman
    First published: