মুখ্যপৃষ্ঠা »খবৰ »দেশ »শশী থাৰুৰসহ ৫ জন কংগ্ৰেছ সাংসদৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত নিৰপেক্ষতা আৰু স্বচ্ছতাৰ দাবী

শশী থাৰুৰসহ ৫ জন কংগ্ৰেছ সাংসদৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত নিৰপেক্ষতা আৰু স্বচ্ছতাৰ দাবী

কংগ্ৰেছৰ জেষ্ঠ নেতা শশী থাৰুৰসহ ৫ গৰাকী লোকসভা সাংসদে দলটোৰ সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়াত নিৰপক্ষতা আৰু স্বচ্ছতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ।

  • Share this:
কংগ্ৰেছৰ জেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰসহ ৫ গৰাকী লোকসভা সাংসদে দলটোৰ সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়াত নিৰপক্ষতা আৰু স্বচ্ছতা সন্দৰ্ভত উদ্বেগ প্ৰকাশেৰে দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ (চিইএ)ৰ মুৰব্বী মধুসূদন মিস্ত্ৰীক ভোটদানত অংশগ্ৰহণ কৰা আৰু সম্ভাৱ্য প্ৰাৰ্থীসকলক প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচক মণ্ডলৰ তালিকা প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

দলৰ সাংসদ শশী থাৰুৰ, মনীষ তিৱাৰী, কাৰ্তি চিদাম্বৰম, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে মধুসূদন মিস্ত্ৰীলৈ চিঠি লিখি তেওঁক অনুৰোধ জনায়। এই পত্ৰখন কংগ্ৰেছৰ 'ভাৰত জোৰো' যাত্ৰাৰ এদিন পূৰ্বে অৰ্থাৎ ৬ ছেপ্টেম্বৰত লিখা হৈছিল। উল্লেখিত সাংসদসকলে আগতে তালিকাখন ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছিল যিটো মধুসূদনে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।

উক্ত সাংসদসকলে তেওঁলোকৰ পত্ৰত কৈছে যে তেওঁলোকে এইটো বুজাব বিচৰা নাই যে দলটোৰ কোনো আভ্যন্তৰীণ দস্তাবেজ এনেদৰে মুকলি কৰিব লাগে যে ইয়াৰ যিকোনো প্ৰকাৰে অপব্যৱহাৰ কৰা হয়। পত্ৰখনত কোৱা মতে তেওঁলোকৰ অভিমত যে অধ্যক্ষ নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে ভোটাৰ আৰু ভোটদানত অংশগ্ৰহণ কৰা সম্ভাৱ্য প্ৰাৰ্থীসকলক প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচক মণ্ডলৰ তালিকা প্ৰদান কৰিব লাগে।

শেহতীয়া বাতৰি