বেংকৰ পৰা গেছ চিলিণ্ডাৰলৈ, ভেকচিনৰ পৰা দৰিদ্ৰসকলৰ বিনামূলীয়া খাদ্য-শস্যলৈ, আজিৰে পৰা এই ৫টা দিশত হ'ব গুৰুত্বপূৰ্ণ সালসলনি ...

News18 Assam | News18-Assam
Updated:May 1, 2021, 4:13 PM IST
বেংকৰ পৰা গেছ চিলিণ্ডাৰলৈ, ভেকচিনৰ পৰা দৰিদ্ৰসকলৰ বিনামূলীয়া খাদ্য-শস্যলৈ, আজিৰে পৰা এই ৫টা দিশত হ'ব গুৰুত্বপূৰ্ণ সালসলনি ...
Rules Changing From 1st May: ১মে'ৰ পৰা সলনি হ'ব বেংকিং-বীমাৰ বহুকেইটা নিয়ম । যিয়ে পোনপটীয়াকৈ প্ৰভাৱ পেলাব আপোনাৰ পকেটত ।

Rules Changing From 1st May: ১মে'ৰ পৰা সলনি হ'ব বেংকিং-বীমাৰ বহুকেইটা নিয়ম । যিয়ে পোনপটীয়াকৈ প্ৰভাৱ পেলাব আপোনাৰ পকেটত ।

  • Share this:
আজিৰে পৰা পৰিৱৰ্তন হ'ব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম, যিয়ে পোনপটীয়াকৈ প্ৰভাৱ পেলাব সাধাৰণ জনতাৰ জীৱন আৰু পকেটত । আজিৰে পৰা দেশৰ বেংকিং খণ্ডৰ পৰা আদি কৰি বীমা খণ্ডৰ লগতে আন বহু ক্ষেত্ৰৰো বহু নিয়ম সলনি কৰা হৈছে । আনফালে আজিৰে পৰা বহু ৰাজ্যত কোৰোণা টীকাকৰণৰ তৃতীয় পৰ্যায় আৰম্ভ কৰাৰ বিপৰীতে আন কিছুমান ৰাজ্যত আকৌ ভেকছিনৰ অভাৱৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হৈছে ।

সেয়েহে প্ৰথমে জানি লওক ১ মে'ৰ পৰিৱৰ্তন হোৱা এই নিয়মবোৰৰ বিষয়ে, যি প্ৰভাৱিত কৰিব আপোনাক ...

(১) ১৮ বছৰ বয়সৰ উৰ্ধ্বৰ লোকৰ টীকাকৰণ-

আজিৰ পৰা বহু ৰাজ্যত কোৰোণা টীকাকৰণৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে । তাৰ মাজতে এনে কিছুমান ৰাজ্যও আছে, য'ত ভেকছিনৰ অভাৱৰ বাবে এই কাৰ্যসূচী পিছুৱাই দিয়া হৈছে । ১৮ বছৰ বয়স উৰ্ধ্বৰ সকলো লোকৰ টীকাকৰণ আজিৰে পৰা আৰম্ভ কৰা হৈছে আৰু ইয়াৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া CoWinৰ জৰিয়তে বৰ্তমানেও চলি আছে । আৰোগ্য সেতু এপৰ জৰিয়তেও আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰিব পাৰে।

(২) আজিৰে পৰা দৰিদ্ৰ সকলে পাব বিনামূলীয়া খাদ্য-শস্য -
কোৰোণাকালত যাতে দৰিদ্ৰ লোকসকলে খাদ্য সংকটৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা পুনৰ আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনতে কেন্দ্ৰীয় চৰকাৰে ১মে' অৰ্থাত্ আজিৰে পৰা দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ ৫ কিলোগ্ৰাম খাদ্যশস্য প্ৰদান কৰিব । চৰকাৰৰ এই আঁচনিয়ে দেশৰ ৮০ কোটি লোকক লাভান্বিত কৰিব।

(৩) এক্সিছ বেংকে( Axis Bank) নূন্যতম জমা ধনৰ নিয়ম সলনি কৰিবলৈ গৈ আছে -

এক্সিছ বেংকে ১ মে'ৰ পৰা সঞ্চয় একাউণ্টত নূন্যতম জমা ধনৰ নিয়ম সলনি কৰিছে। আজিৰে পৰা বিনামূলীয়া সীমা অতিক্ৰমৰ পিছত এটিএমৰ পৰা নগদ ধন উলিওৱাৰ বাবে বৰ্তমান সময়ৰ তুলনাত দুগুণ মাচুল আদায় কৰিব বেংকটোৱে । বিনামূলীয়া সীমা শেষ হোৱাৰ পিছত, নগদ ধন উলিওৱাৰ বাবে বেংকে প্ৰতি ১০০০ টকাত ১০ টকাকৈ মাচুল ল'ব। এই মাচুল আজিৰে পৰা কাৰ্যকৰী হোৱাৰ কথা । ইয়াৰ উপৰিও বেংকে ইতিমধ্যে অন্যান্য সেৱাৰ বাবেও মাচুল বৃদ্ধি কৰাৰ লগতে নূন্যতম জমা ধনৰ সীমাও বৃদ্ধি কৰিছে ।

(৪) সলনি হ'ব গেছ চিলিণ্ডাৰৰ মূল্য -
চৰকাৰী তেল কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম দিনটোতে গেছ চিলিণ্ডাৰৰ মূল্য সলনি কৰে। সেই অনুসৰিয়েই নতুন গেছৰ মূল্য আজি নিৰ্ধাৰণ কৰা হ'ব ।

(৫) পলিচীৰ কভাৰ ধন ৰাশি দুগুণ কৰা হ'ব -

কোৰোণাৰ দ্বিতীয় ঢৌৰ মাজতে বীমা নিয়ন্ত্ৰক আইআৰডিএ (IRDAI)য়ে আৰোগ্য সঞ্জীৱনী পলিচীন ক'ভাৰ দুগুণ কৰিবলৈ নিৰ্দেশ দিছে । বীমা কোম্পানীবোৰক ১ মে'ৰ ভিতৰত ১০ লাখ টকাৰ ক'ভাৰৰ সৈতে এখন আঁচনি প্ৰৱৰ্তন কৰিবলৈ কোৱা হৈছে। সাম্প্ৰতিক পৰিস্থিতিত ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সঞ্জীৱনী মানক নীতিৰ ক'ভাৰৰ সীমা ৫ লাখ টকাহে আছিল । অৰ্থাৎ এতিয়া নাগৰিকসকলে পূৰ্বৰ তুলনাত দুগুণ লাভান্বিত হ'ব।
Published by: Kokil Sarma
First published: May 1, 2021, 4:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি