9খন ৰাজ্যৰ ৭২টা সমষ্টিত ভোটদান, ভাগ্য নিৰ্ধাৰণ হ’ব কেইবাজনো হেভীৱেইট প্ৰাৰ্থীৰ

চতুৰ্থ পৰ্যায়ত দৌৰত আছে কানহাইয়া কুমাৰ, নকুলনাথ, সাক্ষী মহাৰাজ, মিলিন্দ দেওৰাৰ দৰে কেইবাজনো ৰথী–মহাৰথী।

news18assam
Updated:April 29, 2019, 6:53 PM IST
9খন ৰাজ্যৰ ৭২টা সমষ্টিত ভোটদান, ভাগ্য নিৰ্ধাৰণ হ’ব কেইবাজনো হেভীৱেইট প্ৰাৰ্থীৰ
চতুৰ্থ পৰ্যায়ত দৌৰত আছে কানহাইয়া কুমাৰ, নকুলনাথ, সাক্ষী মহাৰাজ, মিলিন্দ দেওৰাৰ দৰে কেইবাজনো ৰথী–মহাৰথী।
news18assam
Updated: April 29, 2019, 6:53 PM IST
আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন। ৯খন ৰাজ্যৰ ৭১টা সমষ্টিত পুৱা ৭বজাৰ পৰা অনুষ্ঠিত হয় ভোটগ্ৰহণ। EVMত বন্দী হ’ব মুঠ ৯৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য। বিহাৰৰ ৫টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ। মধ্য প্ৰদেশৰ ৬টা, মহাৰাষ্ট্ৰৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, পশ্চিম বংগৰ ৮টা, জম্মু-কাশ্মীৰৰ ৩টা সমষ্টিত অনুষ্ঠিত হয় ভোটযুদ্ধ। ইয়াৰ  উপৰি ঝাৰখণ্ডৰ ৩টা, ওড়িশাৰ ৬টা আৰু ৰাজস্থানৰ ১৩টা সমষ্টিতো অনুষ্ঠিত হয় ভোটগ্ৰহণ। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে আটাইবোৰ ভোটকেন্দ্ৰতে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।


চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰে নিৰ্ণয় কৰিব কেইবাগৰাকীও হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য। বিহাৰত ৫খন আসনৰ ভিতৰত আকৰ্ষণীয় হ’ব বেগুচৰাই সমষ্টিৰ যুঁজ। চিপিআইৰ কানহায়া কুমাৰৰ বিৰুদ্ধে যুঁজ দিছে বিজেপি নেতা গিৰিৰাজ সিঙে। মধ্য প্ৰদেশত ৬ আসনৰ ভিতৰত আছে মুখ্যমন্ত্ৰী কমল নাথৰ দুৰ্গ হিচাপে পৰিচিত চিণ্ডৱাৰা। চিণ্ডৱাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভোট যুদ্ধত নামিছে কমল নাথৰ পুত্ৰ নকুল নাথ।  মহাৰাষ্ট্ৰৰ দক্ষিণ মুম্বাই সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব মুম্বাই কংগ্ৰছৰ অধ্যক্ষ মিলিন্দ দেওৰাৰ। মিলিন্দ দেওৰাৰ বিপক্ষে আছে ২০১৪ৰ বিজয়ী শিৱসেনাৰ প্ৰাৰ্থী অৰবিন্দ সাৱন্ত। উত্তৰ প্ৰদেশৰ উন্নাও সমষ্টিত আকৰ্ষণীয় যুঁজ। বৰ্তমানৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী সাক্ষী মহাৰাজৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ অনু টেণ্ডন। এছ পি, বিএছপি প্ৰাৰ্থীয়েও শক্তিশালী যুঁজ দিছে উন্নাও সমষ্টিত। পশ্চিম বংগৰ আচাঞ্চল সমষ্টিত ভোটযুদ্ধত নামিছে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়। বাবুল সুপ্ৰিয়ৰ বিৰুদ্ধে তৃণমূলৰ প্ৰাৰ্থী মুন মুন সেনৰ যুঁজ। জম্মু-কাশ্মীৰৰ অনন্তনাগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে।


আৰু চাওক পৰৱৰ্তী বাতৰি