বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / ASF in Mizoram: মিজোৰামত বৃদ্ধি আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰকোপ, প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু, দেওবাৰৰ দিনটোত ৩৯

ASF in Mizoram: মিজোৰামত বৃদ্ধি আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰকোপ, প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু, দেওবাৰৰ দিনটোত ৩৯

ASF in Mizoram: মিজোৰামত বৃদ্ধি আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰকোপ, প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু, দেওবাৰৰ দিনটোত ৩৯

মিজোৰামৰ সীমা অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ সৈতে থকাত এই ৰাজ্যকেইখনলৈও বিপদৰ আশংকা দেখা গৈছে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

মিজোৰামত ভয়ানক ৰূপ আফ্ৰিকান ছোৱাইন ফ্লুৰ। এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যখনত এই ভাইৰাছ-বাহিত ৰোগৰ খবৰ পোৱা গৈছে। প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে। ৰাজ্যিক পশুপালন বিভাগৰ তথ্য মতে, ৪,৮৪৮টা গাহৰিৰ মৃত্যু হৈছে (4,848 pigs have died in Mizoram)। ইয়াৰ উপৰি কালি দেওবাৰৰ দিনটোত ৩৯টা গাহৰিৰ মৃত্যু হৈছিল। প্ৰায় ৪০৭৭ টা গাহৰি মাৰি পেলোৱা হৈছে।

বিজ্ঞাপন

জানিবলৈ পোৱা মতে, এই সংক্ৰামক ৰোগ (African Swine Fever) ইতিমধ্যে ৰাজ্যখনৰ ১১খন জিলাৰ ৬৮খন গাঁওলৈ বিয়পি পৰিছে। ৰাজ্যখনৰ পশুপালন বিভাগৰ এজন চিকিৎসক ডাঃ কে বিচুৱাই কয় যে ইয়াক ইতিমধ্যে ৰাজ্যখনত দুৰ্যোগ বুলি ঘোষণা কৰা হৈছে। তেওঁ লগতে গাহৰি হেৰুওৱা পালকসকলক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ কথাও কয়।

কেন্দ্ৰই ইতিমধ্যে ৰাজ্যখনত দুৰ্যোগৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে। এইটোও কোৱা হৈছে যে গাহৰি আৰু ভাইৰাছৰ বাবে মৃত জন্তুৰ পালকসকলক ৫০ শতাংশ ধন দিয়া হৈছে। দক্ষিণ মিজোৰামৰ লুংলাই জিলাৰ লুংচেন গাঁৱত প্ৰথমে আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰিছিল। ই বাংলাদেশৰ সীমাৰ খুব ওচৰত। যোৱা বছৰো একেটা ৰোগত প্ৰায় ৩৩,৪১৭টা গাহৰিৰ মৃত্যু হৈছিল।

সেই বছৰতো প্ৰায় ১০,৯১০ টা গাহৰি হত্যা কৰা হৈছিল। যোৱা বছৰৰ ডিচেম্বৰৰ পৰা আফ্ৰিকান ছোৱাইন ফ্লু পুনৰ উদ্ভৱ হৈছে। ফেব্ৰুৱাৰী মাহৰ পৰা ই মিজোৰামত (Mizoram) গুৰুতৰভাৱে বিয়পিবলৈ আৰম্ভ কৰিছে। গাহৰিৰ আমদানি আৰু মাংসৰ বিক্ৰী ইতিমধ্যে ২ এপ্ৰিলৰ পৰা বন্ধ কৰা হৈছে। মিজোৰামৰ সীমা অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ সৈতে থকাত এই ৰাজ্যকেইখনলৈও বিপদৰ আশংকা দেখা গৈছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন