ভিডিঅ’ স্পষ্টভাৱে দেখা হৈছে যে পাঁচটা বলিয়া কুকুৰে শিশুটিৰ পিছে পিছতে দৌৰিছে। শিশুটিয়ে প্ৰথমে কুকুৰকেইটাৰ পৰা ৰক্ষা পাবলৈ আপ্ৰাণ চেষ্টা চলাইছে।
ভিডিঅ’ স্পষ্টভাৱে দেখা হৈছে যে পাঁচটা বলিয়া কুকুৰে শিশুটিৰ পিছে পিছতে দৌৰিছে। শিশুটিয়ে প্ৰথমে কুকুৰকেইটাৰ পৰা ৰক্ষা পাবলৈ আপ্ৰাণ চেষ্টা চলাইছে।
মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত এক শিহৰণকাৰী ঘটনা চিচিটিভি কেমেৰাত বন্দী হৈছে। বলিয়া কুকুৰৰ জাক এটাই এটি ৪ বছৰীয়া শিশুক ঘেৰি লৈ আক্ৰমণ কৰে। শিশুটিৰ চিঞৰ শুনি এজন যুৱকে দৌৰি আহি পাথৰ দলিয়াই শিশুটিৰ জীৱন ৰক্ষা কৰে। ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে ভাইৰেল হৈ পৰে। ভিডিঅ’টো বাগছেভনিয়া থানাৰ অন্তৰ্গত অঞ্জলী বিহাৰ ফেজ ৱান কলনীৰ বুলি কোৱা হৈছে। News18–এ এই ভাইৰেল ভিডিঅ’ৰ সত্যতা নিৰূপণ নকৰে।
ভিডিঅ’ স্পষ্টভাৱে দেখা হৈছে যে পাঁচটা বলিয়া কুকুৰে শিশুটিৰ পিছে পিছতে দৌৰিছে। শিশুটিয়ে প্ৰথমে কুকুৰকেইটাৰ পৰা ৰক্ষা পাবলৈ আপ্ৰাণ চেষ্টা চলাইছে। যেতিয়াই শিশুটিয়ে দৌৰিবলৈ চেষ্টা কৰে তেতিয়া কুকুৰৰ জাকটোৱে আক্ৰমণ কৰে। পাঁচটা কুকুৰে ঘেৰি লৈ আক্ৰমণ কৰে শিশুটিক। শিশুটিৰ মুখমণ্ডলৰ লগতে শৰীৰৰ বিভিন্ন অংশত আঘাত আছে। শিশুটিৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ।
বাগছেভনিয়াস্থিত অঞ্জলী বিহাৰ ফেজ ৱানত নিৰ্মাণৰ কাম চলি আছে। কলনীত কেইবাটাও ঘৰ নিৰ্মাণ কৰি থকা হৈছে। ৫টা কুকুৰে যেতিয়া শিশুটিক আক্ৰমণ কৰিছিল, সেই সময়তে শিশুটিৰ চিঞৰ শুনি এজন লোক দৌৰি আহে আৰু শিলগুটি দলিয়াই কুকুৰকেইটা খেদি পঠিয়ায়। শিশুটিৰ প্ৰাণ ৰক্ষা পৰে যদিও দেহৰ হাত–ভৰি, পেটকে ধৰি কেইবাঠাইতো কুকুৰে কামুৰি আঘাতপ্ৰাপ্ত কৰে। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে শিশুটি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|