মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»চাইকেল কিনিবলৈ এটকা–দুটকাকৈ গোটাই ৯৭১ টকা হৈছিল, তাকেই কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ দান দিলে এই শিশুটিয়ে

চাইকেল কিনিবলৈ এটকা–দুটকাকৈ গোটাই ৯৭১ টকা হৈছিল, তাকেই কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ দান দিলে এই শিশুটিয়ে

News18 Assam | News18-Assam
Updated:April 8, 2020, 7:57 PM IST
চাইকেল কিনিবলৈ এটকা–দুটকাকৈ গোটাই ৯৭১ টকা হৈছিল, তাকেই কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ দান দিলে এই শিশুটিয়ে
কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে বিজয়ৱাড়াৰ ৪ বছৰীয়া শিশুটিৰ নাম হেমন্ত।

কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে বিজয়ৱাড়াৰ ৪ বছৰীয়া শিশুটিৰ নাম হেমন্ত।

  • Share this:
বৰ্তমান কোৰোণাৰ বিৰুদ্ধে যুঁজিছে সমগ্ৰ দেশে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰিছে প্ৰয়োজনীয় পদক্ষেপ। বিভিন্ন লোকে এই যুঁজখনলৈ আগবঢ়াইছে সহায়ৰ হাত। ইয়াৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ এটি ৪ বছৰীয়া শিশুৱে চাইকেল কিনিবলৈ জমা কৰা পইচাখিনিকে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰিছে।

কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে বিজয়ৱাড়াৰ ৪ বছৰীয়া শিশুটিৰ নাম হেমন্ত। শিশুটিয়ে এটকা–দুটকাকৈ জমা কৰি ৯৭১ টকা একত্ৰিত কৰিছিল। শিশুটিয়ে পিতৃ–মাতৃৰ সৈতে কংগ্ৰেছৰ কাৰ্যালয়লৈ গৈ এই ধনৰাশি তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী পেৰনী ভেংকটৰামায়াৰ হাতত জমা দিয়ে।

হেমন্তই মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক সাক্ষাৎ কৰিবলৈ ইচ্ছা কৰিছিল। মন্ত্ৰী ভেংকটৰামায়াই কথা দিয়ে যে তেওঁ দান কৰা ধনৰাশি মুখ্যমন্ত্ৰীক নিজেই গৈ দিব। অন্ধ্ৰ প্ৰদেশত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে মুঠ ৩২৯জন লোক। ইয়াৰ ভিতৰত নতুনকৈ আক্ৰান্ত হৈছে ১৫জন।
Published by: Sanjay Kumar Das
First published: April 8, 2020, 7:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি