চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীৰ দলে অঞ্চলটো ঘেৰাও কৰাৰ চেষ্টা কৰাৰ সময়তে এটা ঘৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।
জম্মু–কাশ্মীৰৰ অনন্তনাগত ভাৰতীয় নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে চাৰি সন্ত্ৰাসবাদী। বৰ্তমানো অব্যাহত আছে সংঘৰ্ষ। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।
জানিব পৰা মতে, অনন্তনাগৰ ৱটৰীগামত সন্ত্ৰাসবাদীৰ এটা দলে বাহৰ পতা বুলি খবৰ লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীৰ দলে অঞ্চলটো ঘেৰাও কৰাৰ চেষ্টা কৰাৰ সময়তে এটা ঘৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। বহু সময় ধৰি দুয়োপক্ষৰ মাজত চলে গুলীবৰ্ষণ। নিৰাপত্তাৰক্ষীৰ গুলীত চাৰি সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এটা সন্ত্ৰাসবাদী বৰ্তমানো অঞ্চলটোত আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|