বৃহস্পতিবাৰে কাটাৰা (Katra)ৰ শনি দেৱ মন্দিৰৰ ওচৰত মাতা বৈষ্ণো দেৱী (Mata Vaishno Devi) তীৰ্থস্থানৰ আধাৰ শিবিৰলৈ যোৱা তীৰ্থযাত্ৰী ভৰ্তি এখন বাছত জুই লগাৰ ফলত চাৰিজন লোক নিহত আৰু ২২ জন আহত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনৰ ভিতৰত এটা ৰহস্যজনক বিস্ফোৰণৰ পিছত জুই আৰম্ভ হয়। বাতৰি অনুসৰি কেইবাজনো লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে।
আৰক্ষী লগে লগে ঘটনাস্থলীলৈ ৰাওনা হৈছিল আৰু ঘটনাটোত সন্ত্ৰাসবাদী জড়িত থকাৰ দিশটো অস্বীকাৰ কৰিছিল। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এটা ফৰেনচিক দলে (forensic team) বাছৰ ভিতৰত জুইৰ কাৰণ অনুসন্ধান কৰি আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|