শ্ৰীলংকা বিস্ফোৰণত তিনিগৰাকী ভাৰতীয়ৰ মৃত্যু, টুইটাৰত নিশ্চিত কৰিলে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে

ভয়ংকৰ বিস্ফোৰণত কোন কোন ভাৰতীয় নিহত? সেয়াও জনালে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। ভাৰত চৰকাৰে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ দাবী।

news18assam
Updated:April 21, 2019, 8:39 PM IST
শ্ৰীলংকা বিস্ফোৰণত তিনিগৰাকী ভাৰতীয়ৰ মৃত্যু, টুইটাৰত নিশ্চিত কৰিলে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে
ফাইল ফটো
news18assam
Updated: April 21, 2019, 8:39 PM IST

বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে টুইটাৰযোগে শ্ৰীলংকাৰ ভয়ংকৰ ধাৰাবাহিক বিস্ফোৰণত তিনিগৰাকী ভাৰতীয়ৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। কলম্বো স্থিত ভাৰতীয় উচ্চায়ুক্তই চৰকাৰী চিকিৎসালয়ৰ পৰা পোৱা তথ্য অনুসৰি তিনিগৰাকী ভাৰতীয়ৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে, সুষমা স্বৰাজে জনায়।


 



ইষ্টাৰৰ উদযাপনৰ মাজতেই কলম্বো কঁপি উঠিছিল এলানী ধাৰাবাহিক বিস্ফোৰণত। তিনিটা গীৰ্জাঘৰ, পাঁচখন হোটেলত সমবেত হোৱা কমেও দুই শতাধিক লোকৰ ইতিমধ্যে এই ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গৈছে। এলানী টুইটত সুষমা স্বৰাজে বিস্ফোৰণৰ তথ্য সদৰি কৰে।  তেওঁ লগতে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰীলৈ ভাৰতে সকলো সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত থকাৰ বাৰ্তা প্ৰেৰণ কৰাৰ কথাও সদৰি কৰে।



আৰু চাওক পৰৱৰ্তী বাতৰি