‘মই উশাহ ল’ব পৰা নাই দেউতা’, মৃত্যুৰ পূৰ্বে ছেলফী VIDEO কোৰোণা আক্ৰান্ত যুৱকৰ

News18 Assam | News18-Assam
Updated:June 29, 2020, 11:01 AM IST
‘মই উশাহ ল’ব পৰা নাই দেউতা’, মৃত্যুৰ পূৰ্বে ছেলফী VIDEO কোৰোণা আক্ৰান্ত যুৱকৰ
পৰিয়ালৰ অভিযোগ মতে হাস্পতালৰ দায়িত্বহীনতাৰ কাৰণে তেওঁলোকৰ ল’ৰাটো তিনি ঘণ্টালৈকে ছটফটাই থাকিল। 

পৰিয়ালৰ অভিযোগ মতে হাস্পতালৰ দায়িত্বহীনতাৰ কাৰণে তেওঁলোকৰ ল’ৰাটো তিনি ঘণ্টালৈকে ছটফটাই থাকিল। 

  • Share this:
দেশত কোৰোণা আক্ৰান্তৰ সংখ্যা (Covid-19 Patient) ৫লাখ ৫০হাজাৰ অতিক্ৰম কৰিছে। দৈনিক বাঢ়িছে মৃত্যুৰ সংখ্যাও। ইয়াৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হায়দৰাবাদত এটা অতি শোকাৱহ ঘটনা পোহৰলৈ আহিচে। হাস্পতালত ভৰ্তি এজন কোভিড ১৯ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু হৈছে। ৩৪বছৰীয়া যুৱকজনে মৃত্যুৰ পূৰ্বে নিজৰ পৰিয়াললৈ কল আৰু মেচেজ কৰিছিল।

সংবাদমাধ্যমত ওলোৱা বাতৰি অনুসৰি হায়দৰাবাদৰ এখন হাস্পতালত ভৰ্তি ৰবি কুমাৰ নামৰ কোৰোণা ৰোগীৰ শুকুৰবাৰে মৃত্যু হয়। পৰিয়ালে লাভ কৰা ভিডিও মেচেজ মতে, মৃত্যুৰ পূৰ্বে ৰবিয়ে কৈছিল, ‘ডেডী মই উশাহ ল’ব পৰা নাই। অক্সিজেন পোৱা নাই। বাই পাপা বাই...’

পৰিয়ালৰ লোকে এতিয়া হাস্পতালৰ বিৰুদ্ধে অভিযোগ কৰিছে ষ্টাফে ভেণ্টিলেটৰ আঁতৰাই দিয়াৰ কাৰণে তেওঁৰ উশাহ লোৱাত সমস্যা হ’ল আৰু নিজে নিজৰ হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হোৱাৰ অনুভৱ কৰিছিল। পৰিয়ালৰ অভিযোগ মতে, হাস্পতালৰ দায়িত্বহীনতাৰ কাৰণেই তেওঁলোকৰ ল’ৰাটোৱে তিনিঘণ্টালৈকে ছটফটাই থাকিল।

ৰবিৰ পিতৃ ভেংকটেশে ছেল্ফি ভিডিওৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি কয়, 'মোৰ ল’ৰাটোৰ ১০০–১০১ডিগ্ৰী জ্বৰ আছিল। ২৩তাৰিখে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাত কোৱা হয় যে এইবোৰ কোভিড ১৯ৰ লক্ষণ আৰু চৰকাৰৰ আদেশ মতে আমি তেওঁক চাবলৈ যাব নোৱাৰো। আমাক কোৱা হ’ল প্ৰথমে কোৰোণা টেষ্ট কৰাওক। ১০–১২খন হাস্পতাল ঘুৰি ২৪তাৰিখে ডায়গন’ছিচ কৰোৱা হয় আৰু কোনোমতে চেষ্ট হাস্পতালত ভৰ্তি কৰোৱা হয়। নাজানো অক্সিজেন কিয় গুচাই দিলে, বেলেগ ৰোগীক লগাবলৈ আঁতৰালে নে মাৰিবলৈ অক্সিজেন আঁতৰালে। কোৰোণা ৰিপ’ৰ্ট অহাই নাছিল। ল’ৰাটোৰ চেলফী ভিডিওই বুকুখন গধুৰ কৰি দিলে, সি কৈ আছিল, ডেডী মোৰ অক্সিজেন গুচাই দিলে, মই উশাহ ল’ব পৰা নাই।

ইফালে হাস্পতাল কৰ্তৃপক্ষই এই অভিযোগ নস্যাৎ কৰি কৈছে যে কোৰোণা সংক্ৰমিত হোৱাৰ কথা অন্তিম সত্‍কাৰৰ পিছতে নিশ্চিত হৈছে আৰু অৱস্থা শোচনীয় হৈ পৰাৰ কাৰণে যুৱকজনৰ মৃত্যু হ’ল।
First published: June 29, 2020, 11:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading