ভয়ংকৰ দুৰ্ঘটনাঃ নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰি পৰিল খালত! নিহতৰ সংখ্যা কমেও ৩২

News18 Assam | News18-Assam
Updated:February 16, 2021, 2:15 PM IST
ভয়ংকৰ দুৰ্ঘটনাঃ নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰি পৰিল খালত! নিহতৰ সংখ্যা কমেও ৩২
ভয়াৱহ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কমেও ৩২ জন যাত্ৰীয়ে

ভয়াৱহ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কমেও ৩২ জন যাত্ৰীয়ে

  • Share this:
মধ্যপ্ৰদেশৰ সিধি জিলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰি পৰিল খালত। জানিব পৰা মতে, দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কমেও ৩২ জন যাত্ৰীয়ে। সংকটজনক অৱস্থাত ১৮ জন লোকক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

খবৰ অনুসৰি, মঙলবাৰে পুৱা ৭.৩০ বজাত নাগাদ সাতনাৰ পৰা সিধি জিলা অভিমুখে গৈছিল বাছখন। কিন্তু ৰামপুৰৰ অঞ্চলত দুৰ্ঘটনাত পতিতি হয় বাছখন। নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে এটা দ- খালত। বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান। ইতিমধ্যে বহুসংখ্যক যাত্ৰীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কিন্তু ৩২ জন লোকক এই পৰ্যন্ত মৃত ঘোষণা কৰিছে স্থানীয় হাস্পতাল কৰ্তৃপক্ষই।

আৰক্ষীৰ অভিযোগ- ৩২ জন লোক বহাৰ সুবিধা থকা বাছখনত প্ৰায় ৫৪ জন যাত্ৰীক বহাইছিল। উদ্ধাৰকাৰী দলে জনোৱা মতে, মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী গোবিন্দ সিঙক দুৰ্ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। আনহাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: February 16, 2021, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি