দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছে ৩০গৰাকী প্ৰাক্তন আই পি এছ বিষয়াই। কেজৰিৱালে জনসাধাৰণৰ দৃষ্টিত আৰক্ষীক খলনায়ক সজাই ৰাজনৈতিক লাভালাভৰ চেষ্টা কৰিছে বুলি দাবী কৰা হৈছে পত্ৰত।
উল্লেখ্য, যোৱা ১২ ছেপ্টেম্বৰত গুজৰাটত কেজৰিৱালে এজন অটো চালকৰ ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা দিয়াত বাক–বিতণ্ডা লাগিছিল।
এই ঘটনাৰ উদ্ধৃতি দি তিনি পৃষ্ঠাৰ এখন পত্ৰত ৩০জন প্ৰাক্তন আই পি এছে অভিযোগ কৰিছে যে কেজৰিৱালে তেওঁৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীৰ প্ৰতি অত্যন্ত অভদ্ৰ আৰু সংবেদনহীন মন্তব্য কৰিছে।
আই পি এছ বিষয়াসকলে লগতে দাবী কৰে যে কেজৰিৱালে পঞ্জাৱৰ নিৰ্বাচনৰ পূৰ্বে একেখিনি ব্যৱহাৰ কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|