সংবাদসংস্থা PTIক এই কথা জনাইছে GSIৰ ডাইৰেক্টৰ জেনেৰেল এম শ্ৰীধৰে
সংবাদসংস্থা PTIক এই কথা জনাইছে GSIৰ ডাইৰেক্টৰ জেনেৰেল এম শ্ৰীধৰে
উত্তৰ প্ৰদেশৰ সোণভদ্ৰত তিনি হাজাৰ টন সোণৰ সন্ধান পোৱাৰ খবৰ। ভূগৰ্ভত এই সোণৰ সন্ধান লাভ কৰিছিল ৰাজ্যখনৰ খনিজ বিভাগে। শীঘ্ৰে এই সোণ উদ্ধাৰৰ বাবে আৰম্ভ কৰাৰ কথা আছিল খননকাৰ্যৰ। কিন্তু ২৪ ঘণ্টাৰ ২৪ ঘণ্টাৰ ভিতৰতে সকলো শেষ! সোণভদ্ৰত নাই ৩০০০ টন সোণ।
GSIৰ ডাইৰেক্টৰ জেনেৰেল এম শ্ৰীধৰে শনিবাৰে PTIক জনাই যে, সোণভদ্ৰত কিমান সোণ পোৱা গৈছে, বা কিমান সোণ থকাৰ খবৰ আহিছে, সেই হিচাপ GSIৰ হাতত নাই। উত্তৰপ্ৰদেশৰ সোণভদ্ৰত ৩০০০ টন সোণ থকাৰ তথ্য আমাৰ হাতত নাই। আনহাতে সোণভদ্ৰত মাত্ৰ ১৬০ কিলো গ্ৰাম সোণ পোৱাৰ হে সম্ভাৱনা আছে বুলি জনাই GSIৰ বিষয়াজনে।
উল্লেখযোগ্য যে ২০০৫ চনৰ পৰা জি এছ আইৰ দলে সোণৰ সন্ধানত কাম কৰি আছিল। অধ্যয়নৰ অন্তত সোণভদ্ৰত সোণ থকাৰ বিষয়ে কৈছিল জি এছ আইৰ দলে।
জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ দলে বিগত ১৫ বছৰ ধৰি এই অঞ্চলত কাম কৰি আছিল আৰু ৮ বছৰ পূৰ্বেই মাটিৰ তলত সোণ থকাৰ কথা নিশ্চিত কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|