মাটিৰ তলত ৩ হাজাৰ টন সোণ, শীঘ্ৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব খননৰ কাম

News18 Assam | News18-Assam
Updated:February 20, 2020, 2:43 PM IST
মাটিৰ তলত ৩ হাজাৰ টন সোণ, শীঘ্ৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব খননৰ কাম
২০০৫ চনৰ পৰা জি এছ আইৰ দলে সোণৰ সন্ধানত কাম কৰি আছিল। অধ্যয়নৰ অন্তত সোণভদ্ৰত সোণ থকাৰ বিষয়ে কৈছিল জি এছ আইৰ দলে।

২০০৫ চনৰ পৰা জি এছ আইৰ দলে সোণৰ সন্ধানত কাম কৰি আছিল। অধ্যয়নৰ অন্তত সোণভদ্ৰত সোণ থকাৰ বিষয়ে কৈছিল জি এছ আইৰ দলে।

  • Share this:
উত্তৰ প্ৰদেশৰ সোণভদ্ৰত তিনি হাজাৰ টন সোণৰ সন্ধান পোৱা গৈছে। ভূগৰ্ভত এই সোণৰ সন্ধান লাভ কৰিছে ৰাজ্যখনৰ খনিজ বিভাগে। শীঘ্ৰে এই সোণ উদ্ধাৰৰ বাবে আৰম্ভ হ’ব খননকাৰ্য। জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ দলে বিগত ১৫ বছৰ ধৰি এই অঞ্চলত কাম কৰি আছিল আৰু ৮ বছৰ পূৰ্বেই মাটিৰ তলত সোণ থকাৰ কথা নিশ্চিত কৰিছিল।

উত্তৰ প্ৰদেশ চৰকাৰে এতিয়া এই সোণ বিক্ৰীৰ বাবে ই–নিলামৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখযোগ্য যে ২০০৫ চনৰ পৰা জি এছ আইৰ দলে সোণৰ সন্ধানত কাম কৰি আছিল। অধ্যয়নৰ অন্তত সোণভদ্ৰত সোণ থকাৰ বিষয়ে কৈছিল জি এছ আইৰ দলে।

২০১২ চনত এই কথা নিশ্চিত কৰা হৈছিল। জিএছআইৰ মতে হাৰদী অঞ্চলত ৬৪৬.১৫ কিলোগ্ৰাম সোণৰ ভাণ্ডাৰ থকাৰ বিপৰীতে সোণ পাহাৰীয়া অঞ্চলত আছে ২৯৪৩.২৫ টন সোণৰ ভাণ্ডাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading