জম্মু–কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী, আত্মঘাতী বিস্ফোৰণৰ পৰিকল্পনা কৰা তিনি সন্ত্ৰাসবাদী নিহত

News18 Assam | News18-Assam
Updated:January 31, 2020, 10:36 AM IST
জম্মু–কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী, আত্মঘাতী বিস্ফোৰণৰ পৰিকল্পনা কৰা তিনি সন্ত্ৰাসবাদী নিহত
এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হৈছে। এইপৰ্যন্ত অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হৈছে। এইপৰ্যন্ত অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

  • Share this:
জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী। জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নগৰোটাৰ চিআৰপিএফ পোষ্টৰ সমীপত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীয়াগুলিত ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ এজন জোৱান আহত হৈছে।

PTIৰ খবৰ অনুসৰি, শুকুৰবাৰে পুৱতিনিশা জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথস্থিত বন্ন টোল প্লাজাত এখন ট্ৰাক ৰখোৱাৰ সময়তে ট্ৰাকত থকা ৩–৪ জনীয়া সন্ত্ৰাসবাদীৰ দলে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। দুয়োপক্ষৰ গুলীচালনাত তিনিটা সন্ত্ৰাসবাদী নিহত হয় আৰু এজন আৰক্ষী জোৱান আহত হয়।

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হৈছে। এইপৰ্যন্ত অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। সন্ত্ৰাসবাদীকেইটাই ট্ৰাকখনেৰে শ্ৰীনগৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

সন্ত্ৰাসবাদীৰ দলটো লুকাই অহা ট্ৰাকখন


আজটকৰ খবৰ অনুসৰি, আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীকেইটাৰ। ট্ৰাকেৰে কাশ্মীৰত প্ৰৱেশৰ চেষ্টা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে। নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ উদ্ধাৰ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি