সাৱধান! দিল্লীত ৰাজহুৱা স্থানত ধূম্ৰপান কৰিলে ভৰিব লাগিব ২০০ টকাৰ জৰিমনা

দিল্লী আৰক্ষীয়ে প্ৰথমে অতি সংগোপনে ধূম্ৰপান কৰি থকা জনৰ মোবাইলত ফটো লয় আৰু তাৰ পাছত জৰিমনা সংগ্ৰহ কৰে।

News18-Assam
Updated:September 20, 2019, 4:05 PM IST
সাৱধান! দিল্লীত ৰাজহুৱা স্থানত ধূম্ৰপান কৰিলে ভৰিব লাগিব ২০০ টকাৰ জৰিমনা
Photo : fortune.com
News18-Assam
Updated: September 20, 2019, 4:05 PM IST
ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অতি সম্প্ৰতি হাতে–কামে কাৰ্যকৰী কৰিছে দিল্লী আৰক্ষীয়ে। ৰাস্তা–ঘাটকে ধৰি আন সকলো ৰাজহুৱা স্থানত ধূমপান কৰিলে ২০০ টকা জৰিমনা ভৰিব লাগিব। দিল্লী আৰক্ষীৰ জৰিমনা সংগ্ৰহ কৰা কৰ্মচাৰীজনে প্রথমে অতি সংগোপনে নিজৰ মোবাইলত ধূমপান কৰি থকা জনৰ ফটো উঠাই আৰু তৰা পাছত ধূমপান কৰা জনৰ কাষ চাপে। তেওঁ যদি তৎক্ষণাত চিগাৰেটটো পেলাই দি ধূমপান কৰাৰ প্ৰমাণ দিবলৈ কয় তেতিয়া আৰক্ষী জনে দেখুৱাই তেওঁ গোপনে মোবাইলত লৈ থোৱা ফটো খন।

কিছুদিনৰ আগতে উচ্চতম ন্যায়ালয়ৰ NRC গোচৰৰে জড়িত দুজন সমাজকৰ্মী আৰু অসমৰ এজন সাংবাদিক জালত পৰিল আৰক্ষীৰ। দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সন্মুখত চিগাৰেট খাই থাকোতেই ধৰিলে আৰক্ষীয়ে। ১০ টকীয়া এটা চিগাৰেটৰ কাৰণে ভৰিব লগা হল গাইপতি ২০০ টকাকৈ। থিতাতে দিল্লী আৰক্ষীয়ে লৈ গল ৬০০ টকা।

২০০১ চনতে উচ্চতম ন্যায়ালয়ে Murli S Deora V/s Union of India গোচৰত ৰায়দান কৰি ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰিছিল। তাৰ পাছত ২০০৩ চনত কেন্দ্ৰীয় চৰকাৰে Cigarettes and Other Tobacco Product Act গৃহীত কৰি ৰাজহুৱা স্থানত ধূমপান নিষেধ কৰিছিল। এই আইনৰ section 4 অনুসৰি ৰাজহুৱা স্থানত ধূমপান নিষেধ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি