শীঘ্ৰে ৰে’ল বিভাগত চাকৰি হেৰুৱাব ৩ লাখ কৰ্মচাৰীয়ে। তৎকালীনভাৱে ১ লাখ আৰু পৰৱৰ্তী পৰ্যায়ত ২ লাখ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব ৰে’ল বিভাগত। ৰে’ল মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৫৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ অদক্ষ কৰ্মচাৰীৰ তালিকামৰ্মে প্ৰথম অৱস্থাত ১ লাখ কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে।
একাংশ ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, অহা বছৰৰ ভিতৰত আন ২ লাখ কৰ্মচাৰীক ছাটাই কৰি বোজা কমাব ৰে’ল বিভাগে। ১৩ লাখ কৰ্মচাৰী থকা ৰে’ল বিভাগত দৰমহাৰ নামত বছৰি ব্যয় হয় ১.২৫ লাখ কোটি টকা। পেঞ্চনৰ শিতানত বছৰি ব্যয় ৪৮ হাজাৰ কোটি। বেতনৰ শিতানত ব্যয় হ্ৰাসৰ লক্ষ্যৰে ৰে’ল মন্ত্ৰণালয়ে ১৭টা সংমণ্ডললৈ প্ৰেৰণ কৰা নিৰ্দেশনাত আগষ্ট মাহত ৫৫ বছৰ অতিক্ৰম কৰা বিষয়া–কৰ্মচাৰীৰ সবিশেষ তথ্য ৯ আগষ্টৰ ভিতৰত বিচাৰিছিল।
এই তালিকা লাভ কৰাৰ পিছতে প্ৰতিটো সংমণ্ডলে তালিকা প্ৰেৰণ কৰিছে ৰে’ল মন্ত্ৰণালয়লৈ। ৰে’লৱেৰ সূত্ৰ অনুসৰি, প্ৰতিটো সংমণ্ডলৰ পৰা গড়ে ৫ৰ পৰা ৬ হাজাৰ পৰ্যন্ত কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এই তালিকাত। সৰ্বাধিক নাম প্ৰেৰণ কৰিছে উত্তৰ ৰে’লৱে। প্ৰায় ৭ হাজাৰ কৰ্মচাৰীৰ তালিকা প্ৰেৰণ কৰিছে উত্তৰ ৰে’লৱেই। ২০২০ চনৰ ভিতৰত ৰে’লৱেৰ কৰ্মচাৰীৰ সংখ্যা ১৩ লাখৰ পৰা ১০ লাখলৈ হ্ৰাস কৰা সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰে’লৱে কৰ্মীৰ সংগঠনসমূহ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|