বিশ্ববিদ্যালয়ৰ ৩ প্ৰফেচাৰৰ দুদিনত হজম ডেৰ লাখ টকাৰ চাহ–জলপান, খালে ৯৯কাপ চাহ

বিল পাছ হ’বলৈ উপাচাৰ্যৰ ওচৰলৈ নিয়াত হতবাক উপাচাৰ্য, খঙত একোনাই হৈ দিলে তদন্তৰ নিৰ্দেশ।

News18-Assam
Updated:June 28, 2019, 4:47 PM IST
বিশ্ববিদ্যালয়ৰ ৩ প্ৰফেচাৰৰ দুদিনত হজম ডেৰ লাখ টকাৰ চাহ–জলপান, খালে ৯৯কাপ চাহ
বিল পাছ হ’বলৈ উপাচাৰ্যৰ ওচৰলৈ নিয়াত হতবাক উপাচাৰ্য, খঙত একোনাই হৈ দিলে তদন্তৰ নিৰ্দেশ।
News18-Assam
Updated: June 28, 2019, 4:47 PM IST
দুদিনৰ মিটিং আৰু ডেৰ লাখ টকাৰ চাহৰ বিল। এই বিলত আছে ৯৯কাপ চাহ আৰু ২৫কাপ কফি। এই চকু কপালত তোলা আজৱ বিল দাখিল কৰা হৈছে নাগপুৰ বিশ্ববিদ্যালয়ত। বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰফেচাৰে দুদিনত চাহ–জলপানৰ নামত ডেৰ লাখ টকা হজম কৰাৰ বাতৰিক লৈ চৰ্চা সৃষ্টি হৈছে। বিশ্ববিদ্যালয়ৰ বৰ্ড অৱ ষ্টাডিজৰ বৈঠকৰ সময়ত এই বিত্তীয় বিতৰ্ক পোহৰলৈ আহিছে। দাখিল কৰা বিল অনুসৰি দুদিনত প্ৰফেচাৰ দুজনে জলপানৰ লগতে ৯৯কাপ চাহ আৰু ২৫কাপ কফি সেৱন কৰিছিল।

বৈঠকৰ এই বিল পাছ কৰাবলৈ বিশ্ববিদ্যালয়ৰ বিত্ত লেখ বিভাগৰ ওচৰলৈ প্ৰেৰণ কৰা হয়, কিন্তু বিভাগে এই বৃহৎ ধনৰাশি দেখি ইয়াক পাছ কৰোৱাত অসন্মতি প্ৰকাশ কৰে। বিলখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এছপি কানেৰ ওচৰলৈ পঠিওৱা হয়। ভিচিয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে। লগতে বৰ্ড অৱ ষ্টাডিজক বিল ঘুৰাই পঠিয়াই স্পষ্টীকৰণ বিচাৰিছে।

মে’ মাহত আয়োজন কৰা হৈছিল বৈঠক

উপাচাৰ্যৰ মতে, বৰ্ড অৱ ষ্টাডিজৰ বৈঠক যোৱা মাহত বিশ্ববিদ্যালয়ত আয়োজিত হৈছিল। ইয়াত পাঠ্যক্ৰম আৰু শৈক্ষিক সত্ৰক লৈ চৰ্চা কৰিবলৈ বৈঠক অনুষ্ঠিত কৰা হৈছিল। বৈঠকত বৰ্ডৰ সদস্যসকলৰ কাৰণে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা চাহ–জলপানৰ আয়োজন কৰা হৈছিল।

প্ৰমাণ কৰক এইখন বিল শুদ্ধ!

জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ তৰফৰ পৰা বৰ্ড অৱ ষ্টাডিজক সোধা হৈছে যে তেওঁলোকৰ হিচাপত যদিহে এই বিলখন শুদ্ধ তেনেহ’লে দুদিনত তিনিজন মানুহে কেনেকৈ ৯৯কাপ চাহ আৰু ২৫কাপ কফি খালে প্ৰমাণ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি