প্ৰথমে গুলী তাৰ পিছত ৰেপিলে ডিঙি, হিন্দু নেতা কমলেশ তিৱাৰীৰ নৃশংস হত্যাকাণ্ডৰ A to Z

উগ্ৰ সাম্প্ৰদায়িক মন্তব্যই উচতনি দিলে হত্যাকাৰীক–আৰক্ষী।

News18-Assam
Updated:October 19, 2019, 2:01 PM IST
প্ৰথমে গুলী তাৰ পিছত ৰেপিলে ডিঙি, হিন্দু নেতা কমলেশ তিৱাৰীৰ নৃশংস হত্যাকাণ্ডৰ A to Z
উগ্ৰ সাম্প্ৰদায়িক মন্তব্যই উচতনি দিলে হত্যাকাৰীক–আৰক্ষী।
News18-Assam
Updated: October 19, 2019, 2:01 PM IST
লক্ষ্নৌত হিন্দু সমাজ পাৰ্টীৰ নেতা কমলেশ তিৱাৰীৰ নৃশংস হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে শেহতীয়াকৈ এই বৰ্বৰ হত্যাকাণ্ডৰ কেতবোৰ বিশেষ দিশ উন্মোচন কৰিছে। এই হত্যাকাণ্ডৰ সংযোগ সূত্ৰ বিচাৰি পোৱা গৈছে গুজৰাটত। তদন্তত উন্মোচন হৈছে হত্যাকাৰীয়ে গেৰুৱা চোলা পৰিধান কৰিছিল আৰু হাতত অনা মিঠাইৰ বাকচত পিষ্টল আৰু ছুৰী লুকুৱাই আনিছিল। এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে CCTV ফুটেজত।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা .৩২ ব’ৰৰ পিষ্টল, কেবাজাঁই গুলীৰ খোলা উদ্ধাৰ কৰিছে। উদ্ধাৰ হৈছে গুজৰাটৰ এখন মিঠাইৰ দোকানৰ বাকচ। হত্যাকাৰীয়ে প্ৰথমে কমলেশ তিৱাৰীক গুলীয়ালে তাৰ পিছত চোকা ছুৰীৰে ডিঙি ৰেপি হত্যা কৰি তাৰ পৰা পলায়ন কৰে।সংকটজনক অৱস্থাত কমলেশ তিৱাৰীক কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিত ভৰ্তি কৰোৱা  হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ পিছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৃহ সচিব আৰু ডিজিপিৰ পৰা ঘটনাৰ প্ৰতিবেদন তলব কৰে।

উল্লেখযোগ্য যে লক্ষ্নৌৰ ঘন বসতিপূৰ্ণ নাকা হিন্ডোলা এলেকাত দুপৰীয়া ১১বাজি ৪৬মিনিটত গেৰুৱা কুৰ্তা পিন্ধি দুজন লোক কমলেশৰ অফিচত উপস্থিত হয়। তেওঁৰে এজন কাৰ্যকৰ্তাই দুইজন হত্যাকাৰীক তেওঁৰ ওচৰলৈ লৈ যায়। কমলেশে তেওঁলোক দুয়োৰে কাৰণে একেটা ভৱনতে থকা নিজৰ ঘৰৰ পৰা চাহ আৰু জলপানো অনাইছিল। চাহ জলপান খোৱাৰ পিছত নিজৰ কাৰ্যকৰ্তাক তেওঁ অতিথিৰ কাৰণে পাণ মছলা আনিবলৈ পঠিয়াইছিল। কাৰ্যকৰ্তাজন যেতিয়া ঘুৰি আহে তেতিয়ালৈকে হত্যাকাৰীয়ে কমলেশক হত্যা কৰি সেই ঠাই এৰিছিল। দিনে পোহৰে সংঘটিত কমলেশৰ হত্যাকাণ্ডক লৈ সমৰ্থকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে আনকি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে কমলেশৰ মৃতদেহ প্ৰেৰণ কৰাৰ সময়ত সম্পত্তি লণ্ড–ভণ্ড কৰা কাৰ্যতো লিপ্ত হয়।

কি কাৰণে হত্যা?

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২০১৫চনত কমলেশ তিৱাৰীয়ে পয়গম্বৰ মহম্মদ চাহাবৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ কাৰণে তেওঁৰ ওপৰত এনএছএ লগোৱা হৈছিল। কমলেশৰ এই বিবৃতিৰ পিছত বিজনৌৰৰ মৌলানাই তেওঁৰ মুৰৰ মূল্যও নিৰ্ধাৰণ কৰিছিল। কমলেশৰ পত্নীয়ে মৌলানাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত সন্দৰ্ভত গুজৰাট আৰক্ষীৰো সহায় লৈছে।

অভিযুক্তৰ বয়স ২১ আৰু ২৩ বছৰ

আৰক্ষী সঞ্চালক প্ৰধানে জনোৱা মতে ইয়াৰে এজন মহম্মদ শ্বেখ সলীম যি চুৰাটত থাকে আৰু তেওঁৰ এখন শাৰীৰ দোকান আছে। আনহাতে দ্বিতীয়জন অভিযুক্ত ২১বছৰীয়া ফেজান চুৰাটতে এখন জোতাৰ দোকানত কাম কৰে। তৃতীয়জন অভিযুক্ত ৰছিদ আহমেদ পাঠান এজন ২৩বছৰীয়া যুৱক আৰু তেওঁ কম্পিউটাৰৰ কাম আদি জানে। আনহাতে এই তিনিওজনৰ লগতে আন দুজন সন্দেহযুক্ত ব্যক্তিকো আৰক্ষীয়ে জিম্মাত লৈছিল কিন্তু সোধা–পোছাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হৈছে।

ইয়াৰ লগতে কমলেশ তিৱাৰীৰ মুৰৰ মূল্য নিৰ্ধাৰণ কৰি হত্যাৰ উচতনি দিয়া বিজনৌৰৰ দুজন মৌলানাৰ বিৰুদ্ধে জামিনবিহীন গোচৰো ৰুজু কৰা হৈছে।

সংবাদমেলত উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান।
আৰু চাওক পৰৱৰ্তী বাতৰি