Covid Vaccination: ৬০ৰ উৰ্ধ্বৰ বা ৰোগাক্ৰান্ত লোকে কিদৰে কৰিব লাগিব পঞ্জীয়ণ? আৰম্ভ হওঁতেই বিকল হ'ল CoWin

News18 Assam | News18-Assam
Updated:March 1, 2021, 12:59 PM IST
Covid Vaccination: ৬০ৰ উৰ্ধ্বৰ বা ৰোগাক্ৰান্ত লোকে কিদৰে কৰিব লাগিব পঞ্জীয়ণ? আৰম্ভ হওঁতেই বিকল হ'ল CoWin
আপুনি কেনেকৈ কৰিব পাৰিব পঞ্জীয়ণ ? 

আপুনি কেনেকৈ কৰিব পাৰিব পঞ্জীয়ণ ? 

  • Share this:
যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ৬০ৰ উৰ্ধ্বৰ সকলো নাগৰিক আৰু ৪৫বছৰৰ উৰ্ধ্বৰ ৰোগাক্ৰান্ত লোকক ক’ভিড প্রতিষেধক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছতে সোমবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ণ প্ৰক্ৰিয়া ।

CoWin মোবাইল এপ তথা www.cowin.gov.in ত পঞ্জীয়ণৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে । কিন্তু পঞ্জীয়ণ আৰম্ভ হোৱাৰ পিছতে বহু লোকে এপ তথা ৱেবচাইট বিকল হোৱাৰ অভিযোগ উত্থাপন কৰিছে। পঞ্জীয়ণৰ বিভিন্ন পৰ্যায়ত এপটোৱে তথা ৱেবচাইটেও সঁহাৰি নজনোৱাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে, এইবাৰ চৰকাৰে সেই নিৰ্দিষ্ট বয়সৰ ৩০কোটি লোকক প্ৰতিষেধক প্ৰদান কৰাৰ পৰিকল্পনা হাতত লৈছে ।

আপুনি কেনেকৈ কৰিব পাৰিব পঞ্জীয়ণ ? 

১. CoWin এপ মোবাইলত download কৰক নতুবা ৱেবচাইটত log in কৰক ।

২. যথাস্থানত আপোনাৰ মোবাইল নম্বৰ দিয়ক। আপোনাৰ মোবাইললৈ এটা OTP আহিব । সেইটো যথাস্থানত দি verify বুটামটো ক্লিক কৰক ।

৩. এইবাৰ আপুনি স্বয়ংক্ৰিয় ভাৱে প্ৰৱেশ কৰিব ‘Registration for vaccination' পেজটোত। ইয়াত আপুনি নাম, বয়স, লিংগ সমূহ লিখক আৰু পৰিচয় পত্ৰৰ সবিশেষ প্ৰদান কৰক। আপুনি যদি ৬০ৰ তলৰ আৰু ৪৫ৰ উৰ্ধ্বৰ তেন্তে আপোনাৰ কোনো ৰোগ থাকিলে, সেই তথ্য বিচাৰিব। যদি আছে ‘Yes’ত ক্লিক কৰক । আপুনি যদি ৪৫ৰ উৰ্ধ্বৰ তেন্তে তেনে ৰোগৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব ।

৪. এইবাৰ আপুনি ‘Register’ বুলি লিখা অংশত ক্লিক কৰক । আপোনাৰ পঞ্জীয়ণ ইয়াতে সমাপ্ত ।

৫. তাৰ পিছত ‘Add More' বুলি লিখা অংশত আপুনি সেই একে মোবাইল নম্বৰৰে আৰু তিনিজনক পঞ্জীয়ণ কৰিব পাৰিব ।

৬. এতিয়া আপুনি নিশ্চিত কৰিব লাগিব প্রতিষেধক প্রদানৰ সময় আৰু স্থান। তাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব ‘Schedule Appointment' ।

৭. ইয়াত আপুনি আপোনাৰ পছন্দৰ স্থানত প্রতিষেধক প্ৰদান কৰা হ’ব নে নাই বিচাৰক । ৰাজ্য, জিলা, ব্লক, পিন কোড আদিৰে আপুনি বিচাৰিব পাৰিব। যদি আপোনাৰ পছন্দৰ স্থানত ভেকচিন প্ৰদান কৰা হ’ব; উল্লেখ কৰা বহু কেইটা সময়ৰ মাজত আপোনাৰ সুবিধাজনক সময়টো সুনিশ্চিত কৰক ।

৮. যিকোনো সময়ত আপুনি সময় আৰু স্থান পৰিৱৰ্তন কৰিব পৰা যায়।

৯. ভেকচিন প্রদানৰ সময় ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৩বজালৈ।

১০. প্ৰথম ডোজ যিটো কেন্দ্ৰত লোৱা হৈছে দ্বিতীয় ডোজো সেই কেন্দ্ৰতে লোৱা হ’ব। দ্বিতীয় ডোজৰ কাৰণে স্বয়ংক্ৰিয় ভাবে প্রথম ডোজৰ ২৮দিনৰ পিছত সময় একেটা কেন্দ্ৰতে সুনিশ্চিত হ’ব ।

৪৫বছৰৰ পৰা ৫৯বছৰৰ লোকে এই কেইটা ৰোগত ভুগি থাকিলে ল’ব পাৰিব প্ৰতিষেধক –

heart failure with hospital admission, moderate or severe valvular heart disease, coronary artery disease, CT/MRI documented stroke, diabetes for over 10years or with complications, hypertension, end stage kidney disease or haemodialysis, diagnosis of any solid cancer on or before 2000 or currently undergoing cancer therapy।
Published by: Himangshu Bhuyan
First published: March 1, 2021, 12:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি