ল’ক ডাউনে কোৰোণাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিলে ২৯ লাখ লোকক, মৃত্যুৰ পৰা বচালে প্ৰায় ৫৪ হাজাৰ লোকক

News18 Assam | News18-Assam
Updated:May 23, 2020, 9:21 PM IST
ল’ক ডাউনে কোৰোণাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিলে ২৯ লাখ লোকক, মৃত্যুৰ পৰা বচালে প্ৰায় ৫৪ হাজাৰ লোকক
৫৪ হাজাৰৰ লোকক মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গ’ল

৫৪ হাজাৰৰ লোকক মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গ’ল

  • Share this:
সৰ্বাত্মক তলাবন্ধৰ সপক্ষে যুক্তি আগবঢ়াই কেন্দ্ৰীয় চৰকাৰৰ থিংক টেংক নীতি আয়োগে তলাবন্ধৰ ফলত প্ৰায় ২৯ লক্ষ লোক কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰিল বুলি মন্তব্য কৰিছে। আয়োগৰ সদস্য বিনোদ পলৰ মতে, প্ৰথম আৰু দ্বিতীয় তলাবন্ধৰ ফলত ১৪ লাখৰ পৰা ২৯ লাখ লোক এই বিধ্বংসী ভাইৰাছৰ পৰা হাত সাৰিল আৰু আৰু ৫৪ হাজাৰৰ লোকক মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গ’ল। পলে কয় – ‘সকলো চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্যই প্ৰায় একেই ফলাফলত উপনীত হৈছে।’

পলে লগতে কয়, ‘তথ্য সমূহ বিশ্লেষণ কৰি দেখা পোৱা গ’ল যে, ৮০ শতাংশ আক্ৰান্ত লোক ৫ খন ৰাজ্যৰ আৰু ৯০ শতাংশ ১০ খন ৰাজ্যৰ ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, দিল্লী, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ আৰু কৰ্ণাটক। আনহাতে ৭০ শতাংশ আক্রান্ত লোক সোমই আছে এই দহ খন চহৰত – মুম্বাই, দিল্লী, চেন্নাই, আহমেদাবাদ, থানে, পুনে, ইন্দোৰ, কলকাতা, হায়দৰাবাদ আৰু ঔৰংগাবাদত।’ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰতো সেই একেই ছবি প্ৰতিফলিত হৈছে বুলি অৱশেষত মন্তব্য কৰে আয়োগৰ সদস্য গৰাকীয়ে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading