• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণা সংকটৰ মাজতে কপাল ফুলিল ঝাৰখণ্ড চৰকাৰৰ, পালে ২৫০ কিলোৰ সোণৰ ভাণ্ডাৰ

কোৰোণা সংকটৰ মাজতে কপাল ফুলিল ঝাৰখণ্ড চৰকাৰৰ, পালে ২৫০ কিলোৰ সোণৰ ভাণ্ডাৰ

খবৰ অনুসৰি, ইতিমধ্যে ঝাৰখণ্ড চৰকাৰে আৰম্ভ কৰিছে নিলাম প্ৰক্ৰিয়াৰ প্ৰস্তুতি

খবৰ অনুসৰি, ইতিমধ্যে ঝাৰখণ্ড চৰকাৰে আৰম্ভ কৰিছে নিলাম প্ৰক্ৰিয়াৰ প্ৰস্তুতি

খবৰ অনুসৰি, ইতিমধ্যে ঝাৰখণ্ড চৰকাৰে আৰম্ভ কৰিছে নিলাম প্ৰক্ৰিয়াৰ প্ৰস্তুতি

  • Share this:
কোৰোণাৰ সংকটৰ মাজতে ভাগ্যই লগ দিছে ঝাৰখণ্ডক। পূৱ সিংহভূম জিলাৰ ভিতৰত সন্ধান পাইছে ২৫০ কিলোৰ সোণৰ ভাণ্ডাৰৰ। Geological Survey of India-ৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল জনাৰ্দন প্ৰসাদ আৰু ডাইৰেক্টৰ পংকজ কুমাৰ সিঙে ৰাজ্যখনৰ খনিজ দপ্তৰৰ সচিব আবুবকৰ ছিদ্দিকিক সোণৰ ভাণ্ডাৰৰ সংক্ৰান্তত ইতিমধ্যে জমা দিছে ৰিপৰ্ট। ৰিপৰ্টত দাবী কৰা হৈছে যে, অঞ্চলটোৰ ভিতৰত ২৫০ কিলোৰ সোণৰ ভাণ্ডাৰ আছে।

খবৰ অনুসৰি, ৰিপৰ্ট পোৱাৰ পিছতে ইতিমধ্যে ঝাৰখণ্ড চৰকাৰে আৰম্ভ কৰিছে নিলাম প্ৰক্ৰিয়াৰ প্ৰস্তুতি। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ১২০ কোটি টকা উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। ডাইৰেক্টৰ পংকজ কুমাৰ সিঙৰ তত্বাৱধানত চলিছিল খনন কাৰ্য।

ৰিপৰ্টত কোৱা হৈছে যে, ঝাৰখণ্ড এতিয়া লাহে লাহে ‘গ’ল্ড হটস্পট’ হৈ পৰিছে। ইয়াৰ আগতেও ৰাজ্যখনৰ কেইবা ঠাইটো পোৱা গৈছে সোণৰ খনিৰ সন্ধান। সেইদৰে ৰাজ্যখনৰ আৰু সাত টাইত সোণৰ খনি থকাৰ সম্ভাৱনা আছে বুলিও জনাইছে। পৰৱৰ্তী সময়ত সেইসমূহ ঠাইতো খনন কাৰ্য চলোৱা হ’ব।
First published: