সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ দিনটোতে বিপৰ্যয়! ২৫ জন সাংসদৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:September 14, 2020, 10:06 PM IST
সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ দিনটোতে বিপৰ্যয়! ২৫ জন সাংসদৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি
সূত্ৰ অনুসৰি, লোকসভাৰ ১৭ জন আৰু ৰাজ্যসভাৰ ৯ জন সাংসদৰ দেহত ধৰা পৰিল কোৰোণা।

সূত্ৰ অনুসৰি, লোকসভাৰ ১৭ জন আৰু ৰাজ্যসভাৰ ৯ জন সাংসদৰ দেহত ধৰা পৰিল কোৰোণা।

  • News18 Assam
  • Last Updated: September 14, 2020, 10:06 PM IST
  • Share this:
যি আশংকা কৰা হৈছিল, অৱশেষত যেন সেয়াই সঁচা হ’ল! সংসদৰ অধিৱেশনৰ প্ৰথম দিনাই ২৫ জনৰো অধিক সাংসদৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। সূত্ৰ অনুসৰি, কোৰোণাত আক্ৰান্ত হোৱা সাংসদসকলৰ ভিতৰত লোকসভাৰ ১৭ জন আৰু ৰাজ্যসভাৰ ৯জন।

অধিৱেশনৰ আজি প্ৰথমটো দিন। আজি সকলো সাংসদ, সাংবাদিক, গাড়ী চালক, সকলো কৰ্মীকে বাধ্যতামূলক কোৰোণা পৰীক্ষা কৰোৱা হয়। ৰিপৰ্ট অহাৰ লগে লগে সৰ্বত্ৰ আতংকময় পৰিবেশৰ সৃষ্টি হয়। লোকসভাত কেৱল বিজেপিৰে ১২ জন সাংসদ, ৱাই আৰ এছ কংগ্ৰেছৰ দুজন, শিৱসেনাৰ দুজন, ডিএমকে আৰু এল জে পিৰ এজনকৈ সাংসদৰ দেহত কোৰোণা পজিটিভ পোৱা যায়।

কোভিড প্ৰট’কল মানি চলিয়েই আৰম্ভ হৈছে অধিৱেশন। সকলো সাংসদৰ বাবে সামাজিক দূৰত্ব অটুট ৰাখি আসনৰ ব্যৱস্থা কৰা হৈছে। আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় সদনৰ কাম-কাজ। অধিৱেশন চলিব অক্টোবৰ পৰ্যন্ত।

লোকসভাত উপস্থিত থাকে ২০০ জন সদস্য। তাৰ মাজৰে ৩০ জনক গেলাৰীত বহিবলৈ দিয়া হয়। ৰাজ্যসভাৰ চেম্বাৰতো বহু কেইজন লোকসভাৰ সাংসদক বহিবলৈ দিয়া হয়। সামাজিক দূৰত্ব মানি সংসদৰ এখন বেঞ্চত ছজনৰ পৰিৱৰ্তে ৩ জনক বহিবলৈ দিয়া হৈছে।
Published by: Himangshu Bhuyan
First published: September 14, 2020, 10:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading