• Home
  • »
  • News
  • »
  • nation
  • »
  • ২৪ বছৰ পূৰ্বে তুলি লোৱা জীয়ৰীয়ে প্ৰেমিকৰ সৈতে মিলি নৃশংসভাৱে হত্যা কৰিলে পিতৃ–মাতৃক

২৪ বছৰ পূৰ্বে তুলি লোৱা জীয়ৰীয়ে প্ৰেমিকৰ সৈতে মিলি নৃশংসভাৱে হত্যা কৰিলে পিতৃ–মাতৃক

দম্পতীহালে তেওঁলোকৰ সম্পত্তিৰ এটা অংশ বোৱাৰীৰ নামত দিয়াৰ কথা আছিল। এই কথাত তোলনীয়া জীয়ৰী অসন্তুষ্ট হৈ দম্পতীহালক নৃশংসভাৱে হত্যা কৰে।

দম্পতীহালে তেওঁলোকৰ সম্পত্তিৰ এটা অংশ বোৱাৰীৰ নামত দিয়াৰ কথা আছিল। এই কথাত তোলনীয়া জীয়ৰী অসন্তুষ্ট হৈ দম্পতীহালক নৃশংসভাৱে হত্যা কৰে।

দম্পতীহালে তেওঁলোকৰ সম্পত্তিৰ এটা অংশ বোৱাৰীৰ নামত দিয়াৰ কথা আছিল। এই কথাত তোলনীয়া জীয়ৰী অসন্তুষ্ট হৈ দম্পতীহালক নৃশংসভাৱে হত্যা কৰে।

  • Share this:
উত্তৰ প্ৰদেশৰ কানপুৰত এহাল দম্পতীক নৃশংসভাৱে হত্যা। এই ঘটনাক লৈ আৰক্ষীয়ে দাবী কৰিছে যে ২৪ বছৰ পূৰ্বে দম্পতীহালে তুলি লোৱা জীয়ৰীয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে তেওঁলোকক। হত্যাৰ কাৰণ সম্পত্তি লালসা বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে। দম্পতীহালে তেওঁলোকৰ সম্পত্তিৰ এটা অংশ বোৱাৰীৰ নামত দিয়াৰ কথা আছিল। এই কথাত তোলনীয়া জীয়ৰী অসন্তুষ্ট হৈ দম্পতীহালক নৃশংসভাৱে হত্যা কৰে।

কানপুৰৰ বৰৰা আৰক্ষীয়ে পিতৃ–মাতৃক হত্যা কৰাৰ অভিযোগত তোলনীা জীয়ৰী কোমল ওৰফে আকাংক্ষাক গ্ৰেপ্তাৰ কৰিছে। মৃত মুন্নালাল আৰু তেওঁৰ পত্নীৰ কন্যা সন্তান নাছিল। সেইবাবেই কোমলক ২৪ বছৰ পূৰ্বে আত্মীয়ৰ পৰা তুলি লৈছিল। সকলো ঠিকেই চলি আছিল। ইয়াৰ মাজতে মৃত মুন্নালালৰ পুত্ৰ অনুপ আৰু তেওঁৰ পত্নী ছোনিকাৰ মাজত বিবাদ হৈছিল।

ছোনিকাই যৌতুকৰ গোচৰ তৰিছিল। ছোনিকাৰ পিতৃ পৰিয়ালে ৫০ লাখ টকা দাবী কৰিছিল, কিন্তু মুন্নালালে এক নিৰ্দিষ্ট পৰিমাণৰ ধন দি বুজাবুজি কৰিব বিচাৰিছিল। মুন্নালালৰ ওচৰত নিজৰ ঘৰটোৰ লগতে কিছু বেংক বেলেঞ্চ আছিল। কোমলে এই সকলো সম্পত্তি আৰু ধন নিজৰ কৰিব বিচাৰিছিল, যাতে নিজৰ প্ৰেমিকৰ সৈতে গোটেই জীৱন আৰামত কটাব পাৰে।

কোমলে প্ৰেমিক ৰোহিতৰ সৈতে মিলি পিতৃ–মাতৃক হত্যাৰ পৰিকল্পনা কৰে। দুয়োৰে পৰিকল্পনা আছিল হত্যাৰ অভিযোগ অনুপৰ শহুৰ পৰিয়ালৰ ওপৰত জাপি দিব। কোমলে সোমবাৰে সন্ধিয়া পিতৃ–মাতৃ আৰু ভাতৃক ফলৰ ৰসৰ সৈতে নিচাজাতীয় ঔষধৰ খুৱায়। কোমলে দৈনিক নিজৰ মাতৃৰ সৈতে শুইছিল, অনুপমে বেলেগ কোঠাত শুইছিল।

আৰক্ষীৰ দাবী, কোমলে প্ৰেমিকৰ সৈতে মিলি প্ৰথমে মাতৃক হত্যা কৰে আৰু তাৰ পিছত পিতৃক। অনুপে কয়, ‘কোমলে যেতিয়া মোক জুইচ দিছিল, তেতিয়া তাৰ সোৱাদ অলপ বেলেগ লাগিছিল, কিবা মিহলি কৰাৰ দৰে লাগিছিল, তাৰ পিছত মই শুই পৰো। তাৰ পিছত কোমলেই আহি মোক জগাইছিল আৰু কৈছিল যে মা–দেউতাক হত্যা কৰা হৈছে।’

কানপুৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে যে ঘৰৰ দুৱাৰ খোলা আছিল, যাক ঘৰৰ লোকেহে খুলিব পাৰে। চিচিটিভিত এজন লোক ঘৰৰ ভিতৰৰ পৰা ওলাই অহা দেখা গৈছে। ইয়াৰ পিছত যেতিয়া কোমলক সোধা–পোছাৰ কৰা হয় আৰু তেওঁৰ কল ডিটেইল পৰীক্ষা কৰা হয়, তেতিয়া সকলো ঘটনা স্বীকাৰ কৰে।

আৰক্ষীয়ে কোমলক জিম্মাত লোৱাৰ লগতে ৰোহিতক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। এই ঘটনাত আৰু কোনোবা জড়িত আছে নেকি তাক লৈ আৰক্ষীয়ে কোমলক জেৰা কৰিব, এতিয়ালৈ কোমলে বহু প্ৰশ্ন উত্তৰ দিয়া নাই।
Published by:Sanjay Kumar Das
First published: