বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে ২৪জনে, নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰিল যাত্ৰীবাহী বাছ

News18 Assam | News18-Assam
Updated:February 26, 2020, 2:37 PM IST
বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে ২৪জনে, নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰিল যাত্ৰীবাহী বাছ
কোটাৰ দাদিবাৰীৰ পৰা বিয়া খাবলৈ ছৱাই মাধপুৰলৈ আহি আছিল বাছযাত্ৰীসকল।

কোটাৰ দাদিবাৰীৰ পৰা বিয়া খাবলৈ ছৱাই মাধপুৰলৈ আহি আছিল বাছযাত্ৰীসকল।

  • Share this:
ৰাজস্থানৰ বুন্দী জিলাত ভয়ংকৰ দুৰ্ঘটনা। পাপৰি গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰিল এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত এতিয়ালৈ ২৪জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১০জন পুৰুষ, ১১গৰাকী মহিলা আৰু তিনিটা শিশু। কোটাৰ দাদিবাৰীৰ পৰা বিয়া খাবলৈ ছৱাই মাধপুৰলৈ আহি আছিল বাছযাত্ৰীসকল।

কোটা–লালছোট মেগা হাইৱে’ত সংঘটিত হয় এই দুৰ্ঘটনাটো। আগফালৰ চকা ওলাই যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযানত নামি পৰে NDRF বাহিনী।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading