দেশত কেইখন আছে ভুৱা বিশ্ববিদ্যালয়? এই তালিকা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGC–এ। UGC এ নিজৰ ৱেবচাইটত প্ৰকাশ কৰিছে এই তালিকা। তালিকাত দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয় নাম অন্তৰ্ভূক্ত হোৱা দেখা পোৱা গৈছে। উল্লেখযোগ্য যে, UGC এ চৰকাৰী আৰু বে–চৰকাৰী সকলো বিশ্ববিদ্যালয়কে সামৰি লৈছিল এই সমীক্ষাত।
দেশৰ সৰ্বাধিক ভুৱা বিশ্ববিদ্যালয় আছে উত্তৰ প্ৰদেশ আৰু দিল্লীত। চলিত বৰ্ষৰ অক্টোবৰ মাহত ঘোষণা কৰা হৈছে এই তালিকা। তালিকাত অন্তৰ্ভূক্ত হোৱা নাই অসমৰ এখনো বিশ্ববিদ্যালয়।
তালিকাত আছে,
Indian Institute of Science and Engineering, নতুন দিল্লী।
নেছনেল ইঞ্চটিটিউট অৱ মেনেজমেণ্ট Solution, নতুন দিল্লী।
কমাৰ্চিয়েল বিশ্ববিদ্যালয় লিমিটেড, নতুন দিল্লী।
ইউনাইটেড নেচন বিশ্ববিদ্যালয়, নতুন দিল্লী।
কাৰিকৰী বিশ্ববিদ্যালয়,নতুন দিল্লী।
নেতাজী সুভাস চন্দ্ৰ বসু বিশ্ববিদ্যালয়।
আলিগড় উত্তৰ প্ৰদেশ বিশ্ববিদ্যালয়, মথুৰা।
বাৰানসী মহিলা বিশ্ববিদ্যালয়।
চেইণ্ট জ’ন বিশ্ববিদ্যালয়, কেৰেলা।
ৰাজা আৰবিক বিশ্ববিদ্যালয়, নাগপুৰ।
ইণ্ডিয়ান ইঞ্চটিটিউট অৱ অল্টাৰনেটিভ মেডিচিন, কলিকতা।
ইঞ্চটিটিউট অৱ অল্টাৰনেটিভ মেডিচিন এণ্ড ৰিচাৰ্চ, কলিকতা।
নৰ্থ উৰিষ্যা ইউনিভাৰচিটি অৱ এগ্ৰিকালচাৰ এণ্ড টেকন’লজী, উৰিষ্যা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|