যেতিয়া কোনো লোকে প্ৰচুৰ পৰিমাণৰ সুৰাপান কৰি টোপনি যায় তেতিয়া তেওঁৰ যত্ন লোৱাৰ দায়িত্ব লগৰীয়া অথবা নিকট লোকৰ ওপৰত পৰে। এইটো সুৰাপান কৰাসকলৰ মাজত এক সাৰ্বজনীন নিয়ম। অৱশ্যে, উৰিষ্যাৰ কেওনঝাৰৰ বন বিভাগৰ বিষয়াসকল আচৰিত হৈছিল যেতিয়া তেওঁলোকে কৰ্তব্যৰ শাৰীত কিছুমান শুই থকা "মাতাল"ৰ যত্ন ল'ব লগা হৈছিল। অচেতনসকলক ওপৰলৈ তুলিব নোৱাৰি, বা বাহনত ঘৰলৈও লৈ যাব নোৱাৰি কিয়নো তেওঁলোকৰ প্ৰত্যেকৰে ওজন এক হাজাৰ কিলোগ্ৰামতকৈ অধিক আছিল। কাৰণ মদ্যপান কৰাৰ পিছত অচেতন হোৱা "মাতালসকল" মানুহ নাছিল, আছিল এটা বনৰীয়া হাতীৰ জাক।
তথ্য অনুসৰি, ২৪ টা হাতীয়ে মঙলবাৰে ৰাজ্যখনৰ শিলিপদ কাজু বনাঞ্চলৰ ওচৰত দেশীয় সুৰা বা "মহুৱা" বনোৱাৰ বাবে ৰখা কিণ্বিত পানী খোৱাৰ পিছত কেইবা ঘণ্টা শুই পৰিছিল। চুবুৰীয়া গাওঁখনৰ মানুহে কিণ্বনৰ বাবে পানীত মহুৱা ফুল দিছিল। যেতিয়া হাতীজাকে সেই ঠাইত ঘূৰি ফুৰিছিল, তেওঁলোকে ডাঙৰ পাত্ৰবোৰৰ পৰা তৰলখিনি খাইছিল আৰু ইমান বেছি খাইছিল যে তেওঁলোক ওচৰতে ঢলি পৰিছিল আৰু বহু ঘণ্টা শুই আছিল।
পিটিআইএ এজন গাওঁবাসীৰ উদ্ধৃতি দিয়া হৈছিল য'ত তেওঁ কয়, "আমি মহুৱা প্ৰস্তুত কৰিবলৈ ৰাতিপুৱা প্ৰায় ৬ বজাত জংঘললৈ গৈছিলো আৰু দেখিছিলো যে সকলো পাত্ৰ ভাঙি আছে আৰু কিণ্বিত পানী নাই। আমি এইটোও দেখা পাইছিলো যে হাতীবোৰ শুই আছিল। তেওঁলোকৰ কিণ্বিত পানী খোৱাৰ বাবে নিচা হৈছিল।"
তেওঁ লগতে কয় যে, "সুৰাখিনি সংসাধিত হোৱা নাছিল। আমি জন্তুবোৰক জগাই তুলিবলৈ চেষ্টা কৰিছিলো কিন্তু বিফল হৈছিলো,"।
অতি শীঘ্ৰেই বন বিষয়াসকলক ঘটনাস্থলীলৈ মাতি অনা হৈছিল। তেওঁলোকে শুই থকা জাকটোক জগাই তুলিবলৈ জোৰেৰে ঢোল বজাবলৈ সিদ্ধান্ত লৈছিল। এই পদক্ষেপত তেওঁলোক সফল হৈছিল আৰু জন্তুবোৰ সাৰ পাই পাটানা বনপৰিসৰৰ অধিক গভীৰতালৈ গুচি যায়। ৰাজ্যখনত সংঘটিত এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰাৰ লগতে সকলোকে বেচ আমোদ প্ৰদান কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|