মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ (নহাভা শেভা বন্দৰ)ত এটা কণ্টেইনাৰৰ পৰা ২০ টনতকৈ অধিক হেৰ’ইন জব্দ। মুম্বাই আৰক্ষীৰ মতে এয়া ৰাজ্যখনত আটাইতকৈ বৃহৎ হেৰ’ইন জব্দৰ ঘটনা।
তথ্য অনুসৰি, কণ্টেইনাৰটো এখন জাহাজত ভৰাই থোৱা হৈছিল, যি শেহতীয়াকৈ বন্দৰত উপস্থিত হৈছিল। তদন্তৰ সময়ত কণ্টেইনাৰটোৰ পৰা ২২টন হেৰ’ইন উদ্ধাৰ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰ’ইনৰ মূল্য ১৭২৫ কোটি টকা বুলি কোৱা হৈছে। বৃহৎ পৰিমাণৰ হেৰ'ইন উদ্ধাৰক উদ্বেগ্নজনক বুলি গণ্য কৰা হৈছে। ই ইংগিত দিয়ে আমাৰ দেশ কেনেদৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীৰ কবলত পৰিছে।