• Home
  • »
  • News
  • »
  • nation
  • »
  • সাৱধান! সমগ্ৰ দেশৰ ৭২৫১জন লোক আক্ৰান্ত হ'ল Black Fungusত; প্ৰাণ ল’লে ২১৯জনৰ 

সাৱধান! সমগ্ৰ দেশৰ ৭২৫১জন লোক আক্ৰান্ত হ'ল Black Fungusত; প্ৰাণ ল’লে ২১৯জনৰ 

নতুন দিল্লীৰ AIIMSত গোটেই বছৰটোত ১০ৰ পৰা ১৫জন এনে ৰোগী আহে; কিন্তু এইবাৰ এইটো মাহতে ১০০জনৰো অধিক তেনে ৰোগী ভৰ্তি হৈছে 

নতুন দিল্লীৰ AIIMSত গোটেই বছৰটোত ১০ৰ পৰা ১৫জন এনে ৰোগী আহে; কিন্তু এইবাৰ এইটো মাহতে ১০০জনৰো অধিক তেনে ৰোগী ভৰ্তি হৈছে 

নতুন দিল্লীৰ AIIMSত গোটেই বছৰটোত ১০ৰ পৰা ১৫জন এনে ৰোগী আহে; কিন্তু এইবাৰ এইটো মাহতে ১০০জনৰো অধিক তেনে ৰোগী ভৰ্তি হৈছে 

  • Share this:
উদ্বেগজনক ভাৱে সমগ্ৰ দেশৰ প্ৰায় ৭,২৫১জন লোক Mucormycosis ৰোগত আক্রান্ত হৈছে । অৱশ্যে এই চৰকাৰী পৰিসংখ্যাত  বহু ৰোগী অন্তৰ্ভুক্ত নোহোৱাৰো অৱকাশ আছে। যদিহে তেনে হয় তেন্তে Covid-19ত আক্রান্ত হোৱা লোকৰ শৰীৰত দেখা দিয়া লোকৰ সংখ্যা ইয়াতকৈ বহু পৰিমাণে বেছি হ’ব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে দেশৰ বহু কেইখন ৰাজ্যই সতৰ্ক মূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ শুনানি কালত সমগ্ৰ দেশতে ১৯ মে’ লৈকে ব্লেক ফাংগাছে আক্ৰমণ কৰা লোকৰ সংখ্যা ৭,২৫১জন বুলি জনাইছে। ইয়াৰে ২১৯জনৰ মৃত্যু হৈছে । নতুন দিল্লীৰ AIIMS কৰ্তৃপক্ষই জনোৱা মতে, গোটেই বছৰটোত ১০ৰ পৰা ১৫জন এনে ৰোগী আহে; কিন্তু এইবাৰ এইটো মাহতে ১০০জনৰো অধিক তেনে ৰোগী ভৰ্তি হৈছে ।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক এই  ৰোগক Epidemic Disease Act 1897ত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । ফলত এনে ৰোগীক চৰকাৰে নিৰ্ধাৰণ কৰা চিকিৎসা প্ৰদান কৰাটো বাধ্যতামূলক হৈ পৰে। দিল্লী চৰকাৰে তিনিখন চিকিৎসালয়ত এই ৰোগৰ চিকিৎসাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫০০লোক এই বেমাৰত আক্রান্ত হৈছে; মৃত্যু হৈছে ৯০জনৰ। প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত আক্রান্ত হৈছে ১১৬৩জন আৰু মৃত্যু হৈছে ৬১জনৰ। মধ্য প্ৰদেশত ৫৭৫জনৰ শৰীৰত এই ফাংগাছৰ অৱস্থিতি ধৰা পৰিছে আৰু মৃত্যু হৈছে ৩১জনৰ ।

Mucormycosis এক প্ৰকাৰৰ ফাংগাছৰ পৰা সংক্ৰমিত হোৱা ৰোগ । এই ৰোগৰ মৃত্যুৰ হাৰ ৫০শতাংশ। বিশেষজ্ঞৰ মতে, এই ৰোগত অতি সম্প্ৰতি বহু মানুহ আক্রান্ত হোৱাৰ কাৰণটো হৈছে Covid-19 ৰোগীৰ ওপৰত steroidৰ ব্যৱহাৰ । ICMRৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গবৰ মতে, এই ফাংগাছবোৰ আমাৰ চাৰিওদিশে বহুল পৰিমাণে উপলব্ধ। এনেবোৰ ফাংগাছে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা লোকক আক্ৰমণ কৰে। এই বহু কোষী-জীৱৰ শৰীৰত ভিতৰত গ্লোকজৰ সংস্পৰ্শলৈ আহিলে ক্ৰমবিকাশ ঘটে। গতিকে মধুমেহে ৰোগী Covid-19ত আক্রান্ত হ’লে, তেওঁক যদি steroid দিয়া হয় তেওঁৰ sugar level বাঢ়ি যায় আৰু এই ফাংগাছে আক্ৰমণ কৰিবলৈ সুবিধা পায় ।

উল্লেখযোগ্য যে, এই ৰোগৰ প্ৰতিকাৰৰ অন্যতম ঔষধ Amphotericin Bৰ নাটনিয়ে দেখা দিছে । অৱশ্যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ঔষধৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে। অলপতে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মানদাব্যই টুইটাৰত প্ৰকাশ কৰা মতে, দেশৰ ৫টা ঔষধ নিৰ্মাণ কোম্পানীক এই ঔষধ উৎপাদন কৰিবলৈ নতুনকৈ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ আগতে সৰ্বমুঠ ৬টা কোম্পানীয়ে এই ঔষধ উৎপাদন কৰি আছিল ।
Published by:Himangshu Bhuyan
First published: