ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এহাল দৰা-কইনাৰ ভিডিঅ’। এই ব্যতিক্ৰমী যুটিটো দেখি আচৰিত হৈ পৰিছে নেটিজেন। দৰা যথেষ্ট কম বয়সীয়া হোৱা বিপৰীতে কইনা এগৰাকী জ্যেষ্ঠ মহিলা। আন কিছুমানে কৌতুহলী হৈ এই যুটিটোৱে বিয়া কৰাইছে নেকি বুলি সুধিলে। য'ত দুয়োজনে মান্তি হয় আৰু প্ৰত্যুত্তৰ দিয়ে যে হয় আমি বিয়া হৈছো। তাৰ পিছত যুৱকজনক তেওঁৰ বয়স কিমান বুলি সোধা হয়। কোনো সংকোচ নকৰাকৈয়ে তেওঁ নিজৰ বয়স প্ৰকাশ কৰিলে। দৰা ২১ বছৰ, আৰু তেওঁৰ কইনাৰ বয়স ৫২ বছৰ। ৩১ বছৰৰ বয়সৰ পাৰ্থক্য থকা এই দম্পতীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ।
তিনিবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল এই দম্পতী
‘প্ৰেমত কোনো বয়সৰ সীমা নাথাকে,’ বুলি যুৱকজনে মন্তব্য় কৰিছে। মানুহৰ অন্তৰখনহে প্ৰকাশ হয়; যদি অন্তৰ ভাল হয়, তেন্তে সকলো ভাল।’ আনহাতে তেওঁৰ কইনাই ক'লে, ‘তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই তেওঁক জনা তিনি বছৰ হ’ল৷’ অৰ্থাৎ তেওঁলোকৰ প্ৰেমৰ তিনি বছৰ হ’ল৷ তথাপিও সকলোৱে এই বিবাহৰ বিষয়ে চৰ্চা কৰিছে।
নেটিজেনে আগবঢ়াইছে বিভিন্ন মন্তব্য
এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দেখাৰ পিছত নেটিজেনে বিভিন্ন ধৰণেৰ মন্তব্য দিছে। খেনোৱে ক'লে, "কলিযুগৰ অন্ত আৰম্ভ হৈছে।", খেনোৱে আকৌ ক'লে, "মাতৃতুল্য মহিলাক বিয়া কৰাবলৈ লাজ নাই নেকি?"
‘ছোৱালী এতিয়া পুত্ৰৰ সমতুল্য,’ বুলিও মন্তব্য কৰিলে খেনোৱে। ‘যদি এজন পুৰুষে নিজৰ ছোৱালীৰ সমতুল্যৰ সৈতে বিয়া হ’ব পাৰে, তেন্তে এগৰাকী মহিলাই নিজৰ ল’ৰাৰ সমতুল্যৰ সৈতে বিয়া কিয় কৰিব নোৱাৰে? এই কলিযুগত সকলোবোৰ এতিয়া ভাৰসাম্যপূৰ্ণ।’ বুলি বিভিন্নজনে আগবঢ়ালে বিভিন্ন প্ৰতিক্ৰিয়া।
Published by: Subham Goswami
FIRST PUBLISHED : December 15, 2022, 12:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|