২০০৮ চনত সংঘটিত হোৱা আহমেদাবাদৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত অভিযুক্ত ৩৮ জনক মৃত্যুদণ্ড দিলে আদালতে। আজিৰ দিনটোত আহমেদাবাদৰ এখন বিশেষ আদালতে এই শাস্তি ঘোষণা কৰিছে। এই ঘটনাৰ বাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।
২০০৮ চনত আহমেদাবাদ বিস্ফোৰণ ঘটনাত মুঠ ৫৬ জন লোকৰ মৃত্যু হৈছিল। অভিযুক্ত ৭৮ জনৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল। ঘটনাৰ দ্ৰুত নিষ্পত্তিৰ বাবে গঠন কৰা হৈছিল বিশেষ আদালত। যোৱা ৮ ফেব্ৰুৱাৰীত ৭৮ জন অভিযুক্তৰ ভিতৰত ৪৯ জনৰ দোষী সাব্যস্ত কৰা হয়। ইউএপিএ আইনৰ অধীনত ৩৮ চনত ফাঁচিৰ শাস্তি ঘোষণা কৰে। তদন্তৰ দায়িত্বত থকা আৰক্ষীৰ দাবী, এই ঘটনাত জড়িত আছিল নিষিদ্ধ সংগঠন চিমিৰ সহযোগী জংগী সংগঠন ইণ্ডিয়ান মুজাহিদিন। ২০০২ চনত গুজৰাটত সংঘটিত সংঘাতৰ প্ৰতিশোধ লবলৈ এই বিস্ফোৰণ ঘটোৱা বুলি দাবী কৰে আৰক্ষীয়ে। ২০০৯ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।