কেতিয়া শুধৰণি হ’ব পাকিস্তানৰ? এই পৰ্যন্ত দুহেজাৰবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে

পাকিস্তানৰ এনে আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।   ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হৈছে ৩৫ পাকিস্তানী জেহাদী। 

News18-Assam
Updated:October 20, 2019, 3:51 PM IST
কেতিয়া শুধৰণি হ’ব পাকিস্তানৰ? এই পৰ্যন্ত দুহেজাৰবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে
Source-Google
News18-Assam
Updated: October 20, 2019, 3:51 PM IST
দেওবাৰে পুৱা পাকিস্তানৰ সেনাই যুদ্ধবিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে। জম্মু-কাশ্মীৰৰ তঙ্গধাৰ সীমান্তত পুৱাৰে পৰা পাক সেনাই কৰা গুলীবৰ্ষণত প্ৰাণ গল ২ ভাৰতীয় সেনা জোৱানৰ। পাকিস্তানৰ এনে আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।   ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হৈছে ৩৫ পাকিস্তানী জেহাদী।  লগতে ভাৰতীয় সেনাই ধ্বংস কৰিছে চাৰিটাকৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি। Network18 এ লাভ কৰা চৰকাৰী তথ্য অনুসৰি আক্ৰমণত ছগৰাকী পাকিস্তানী সেনাৰো মৃত্যু হয়। আক্ৰমণত দুজন ভাৰতীয় সেনা আৰু সাধাৰণ লোকৰো মৃত্যু হয়।



ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ এই তথ্য অনুসৰি  তাংধৰ ছেক্টৰত সংঘটিত হয় এই ঘটনা।নিহত জেহাদীকেইটা জইছ ঈ মহম্মদ–হিজবুল মুজাহিদীনৰ বুলি জানিব পৰা গৈছে।

পাক অধীকৃত কাশ্মীৰৰ ৭টা স্থানত ভাৰতীয় সেনাই কৰে প্ৰত্যাক্ৰমণ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙই  তদাৰক কৰিছে সমগ্ৰ ঘটনা। সেনা প্ৰধানৰেো বাৰ্তালাপ কৰিছে ৰাজনাথ সিঙে। উল্লেখযোগ্য যে,  ২০০৩চনৰ যুদ্ধবিৰতি চুক্তি আকৌ এবাৰ উলংঘা কৰিলে পাকিস্তানে। এই পৰ্যন্ত দুহেজাৰবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে।
আৰু চাওক পৰৱৰ্তী বাতৰি