• Home
  • »
  • News
  • »
  • nation
  • »
  • এইকেইটা কাৰণত চীনৰ সলনি ভাৰতলৈ আহিব পাৰে আমেৰিকাৰ ২০০ কোম্পানী, সাধাৰণ মানুহৰ হ’ব এইখিনি লাভ

এইকেইটা কাৰণত চীনৰ সলনি ভাৰতলৈ আহিব পাৰে আমেৰিকাৰ ২০০ কোম্পানী, সাধাৰণ মানুহৰ হ’ব এইখিনি লাভ

বিশেষজ্ঞসকলৰ মতে যিমান বেছি কোম্পানী আহিব সিমান বেছি চাকৰি বাঢ়িব। লগতে ভাৰতীয় টকা মজবুত হ’ব। এনেকুৱাত বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাটো সুলভ হৈ পৰিব। আৰু কি কি হ’ব জানো আহক।

বিশেষজ্ঞসকলৰ মতে যিমান বেছি কোম্পানী আহিব সিমান বেছি চাকৰি বাঢ়িব। লগতে ভাৰতীয় টকা মজবুত হ’ব। এনেকুৱাত বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাটো সুলভ হৈ পৰিব। আৰু কি কি হ’ব জানো আহক।

বিশেষজ্ঞসকলৰ মতে যিমান বেছি কোম্পানী আহিব সিমান বেছি চাকৰি বাঢ়িব। লগতে ভাৰতীয় টকা মজবুত হ’ব। এনেকুৱাত বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাটো সুলভ হৈ পৰিব। আৰু কি কি হ’ব জানো আহক।

  • News18
  • Last Updated :
  • Share this:
    লোকসভা নিৰ্বাচনৰ পিছতে চীন এৰি আমেৰিকাৰ বহুকেইটা কোম্পানী ভাৰতলৈ আহিব পাৰে। সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি আমেৰিকা আৰু চীনৰ মাজত হোৱা ট্ৰেড ৱাৰৰ বাবে কোম্পানীসমূহৰ অশান্তি বাঢ়িছে আৰু সেইকাৰণে ইউনিট প্ৰতিষ্ঠাৰ বাবে চীনতকৈ ভাৰতক অধিক গুৰুত্ব দিব পাৰে। আগন্তুক সময়ত যদিহে আমেৰিকাৰ কোম্পানীসমূহে ভাৰতত নিৱেশ কৰে তেনেহ’লে ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰিব ভাৰতীয় অৰ্থব্যৱস্থাত। বিশেষজ্ঞসকলৰ মতে যিমান বেছি কোম্পানী হ’ব সিমান বেছি চাকৰি বাঢ়িব। সেইমতে ভাৰতীয় টকাও মজবুত হ’ব। এনেকুৱাত বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাটো সুলভ হৈ পৰিব। ইয়াৰ লগতে দেশত সামগ্ৰীৰ মূল্য হ্ৰাস পাব।

    পোণপটীয়াকৈ এইকেইটা লাভ হ’বঃ
    ১) এছকৰ্ট চিকিউৰিটীৰ হেড আচিফ ইকবালে নিউজ18ক জনোৱা মতে এই কোম্পানীসমূহে ভাৰতত ইউনিট প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমে ডলাৰৰ বিনিময়ত টকা ক্ৰয় কৰিব আৰু ইয়াৰ ফলত ভাৰতীয় টকা মজবুত হ’ব।

    ২) টকা মজবুত হোৱাৰ বাবে  বিদেশৰ পৰা খাৰুৱা তেল আৰু আন সামগ্ৰী ক্ৰয় কৰিবলৈ ডলাৰ কমকৈ খৰছ কৰিব লাগিব। এনেকুৱাত দেশৰ আৰ্থিক বিকাশ হ’ব, লগতে শ্বেয়াৰ বজাৰত দ্ৰুতি অহাৰ বাবে মিউচুৱেল ফাণ্ডত বেছিকৈ ৰিটাৰ্ণ পোৱা যাব।

    ৩) দেশৰ বিদেশী পূঁজিৰ ভাণ্ডাৰ বৃদ্ধি পাব।





     ৪) ইউনিট স্থাপন কৰাৰ ফলত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ব্যৱহৃত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব।






    ৫) বিদেশ কোম্পানীসমূহে ভাৰতত ইউনিট স্থাপন কৰিব। নতুন কাৰ্যালয় খোলা হ’ব আৰু ফলত অধিক চাকৰিৰ সৃষ্টি হ’ব। দেশত কৰ্মনিয়োজন বৃদ্ধি পাব।

    অসংখ্য নতুন চাকৰিৰ সুবিধাঃ মুকেশ আধিয়ে নিউজ এজেন্সী পিটিআইৰ আগত প্ৰকাশ কৰিছে যে আগন্তুক চৰকাৰখন অধিক স্বচ্ছ হ’ব লাগে। আধিৰ মতে নতুন চৰকাৰে অধিকতম নিৱেশ নিশ্চিত কৰিবলৈ সংশোধন আৰু স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিব লাগিব। এই কোম্পানীসমূহে ভাৰতত অহাৰ ফলত হাজাৰ হাজাৰ চাকৰিৰ সুবিধা ওলাব।

    USISPF (আমেৰিকা–ভাৰত ষ্ট্ৰেটেজিক আৰু পাৰ্টনাৰশ্বিপ ফৰাম)ৰ সভাপতি মুকেশ আঘিৰ মতে ভাৰতত নিৱেশ কৰিবলৈ কোম্পানীসমূহে তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আছে। তেওঁ কয় সাধাৰণ নিৰ্বাচনৰ পিছতে নতুন চৰকাৰে আৰ্থিক উন্নতিৰ কাৰণে তৰিৎ গতিৰে কাম কৰিব লাগিব।

    চীন এৰি কিয় ভাৰত আহিব বিচাৰিছে কোম্পানীসমূহেঃএছকৰ্ট ছিকিউৰিটীৰ ৰিচাৰ্ছ হেড আচিফ ইকবালে নিউজ18 হিন্দীক জনায় যে চীন আৰু আমেৰিকাৰ মাজৰ ট্ৰেড ৱাৰৰ অসহিষ্ণুতা বৃদ্ধি পাইছে। চীনৰ ৰাষ্ট্ৰপত শ্বি জিনিপিঙৰ সন্মুখত এই জটিল প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। বিদেশী কোম্পানীসমূহে বাৰে বাৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছে। কোম্পানীবোৰে চীনক কাৰিকৰী প্ৰযুক্তিৰ হস্তান্তৰকৰণৰ ক্ষেত্ৰত ৰেহাই দিবলৈ কৈ আছে। কিন্তু এইপৰ্যন্ত কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই।

    ভাৰতক নিৰ্মাণৰ কেন্দ্ৰ হিচাপে তৈয়াৰ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ–মুকেশ আঘিয়ে কয় ভাৰতক মেন্যুফেকচাৰিং হাব হিচাপে নিৰ্মাণ কৰিবলৈ এক উচ্চস্তৰীয় মেন্যুফেকচাৰিং কাউন্সিলৰ নিৰ্মাণ কৰা হৈছে, এই কাউন্সিলে নিৰ্বাচন সম্পূৰ্ণ হোৱালৈ এক ডকুমেণ্ট প্ৰস্তুত কৰিব য’ত এই সন্দৰ্ভত এক সুনিৰ্দিষ্ট পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে।

    মুক্ত বেপাৰৰ বুজাবুজিৰ মাধ্যমেৰে ব্যৱসায় হোৱাটো প্ৰয়োজন–আঘিয়ে কয় ভাৰত আৰু আমেৰিকাৰ মাজত যদি মুক্ত বেপাৰৰ বুজাবুজি হয় তেনেহ’লে ভাৰতৰ পৰা ৰপ্তানি বৃদ্ধি পাব। ইয়াৰ ফলত চীনৰ পৰা আহিব পৰা সস্তীয়া সামগ্ৰীৰ সমস্যাও নোহোৱা হৈ যাব। চীনৰ সামগ্ৰীৰ ওপৰত প্ৰতিবন্ধ লগাৰ পিছত আমেৰিকা আৰু ভাৰতৰ কোম্পানীসমূহে দুয়োখনে দেশে ইখনে সিখনত এখন ডাঙৰ বজাৰ গঢ়িব পাৰিব।
    Published by:Tulika Devi
    First published:

    শেহতীয়া বাতৰি