உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Girl killed by a Manjha: ঘাতক সূতা! এক্টিভাৰে গৈ থাকোঁতে ডিঙিত লাগি ধৰা সূতাই কাটি পেলালে যুৱতীৰ গল, ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য

    Girl killed by a Manjha: ঘাতক সূতা! এক্টিভাৰে গৈ থাকোঁতে ডিঙিত লাগি ধৰা সূতাই কাটি পেলালে যুৱতীৰ গল, ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য

    ঘটনাৰ দুদিন মাত্ৰ আগেয়ে অঞ্চলটোত এটি শিশুও আহত হৈছিল।

    ঘটনাৰ দুদিন মাত্ৰ আগেয়ে অঞ্চলটোত এটি শিশুও আহত হৈছিল।

    ঘটনাৰ দুদিন মাত্ৰ আগেয়ে অঞ্চলটোত এটি শিশুও আহত হৈছিল।

    • Share this:

    এক্টিভাৰে গৈ থকা যুৱতীৰ গলত লাগি ধৰা সূতাৰ বাবে মৃত্যুমুখত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে মধ্যপ্ৰদেশত। এই ঘটনাটো উজ্জয়িনীৰ (Ujjain) ফ্ৰীগঞ্জৰ জিৰো পইণ্টত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। নেহা অঞ্জনা নামৰ এগৰাকী যুৱতীয়ে এক্টিভাৰে তেওঁৰ বন্ধুৰ সৈতে গৈ আছিল। এখন দলং পাৰ হোৱাৰ সময়তে তেওঁৰ গলত লাগি ধৰে এডাল মজবুত সূতা, ফলত গতিত থকা অৱস্থাত সূতাডালে তেওঁৰ ডিঙি কাটি পেলায় (girl was killed by a Chinese manjha)।


    যুৱতীগৰাকী এক্টিভাৰ পৰা পৰি যায়, তেওঁক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসালয়তে মৃত্যুবৰণ কৰে। ঘটনাৰ তদন্ত কালত জানিব পৰা গৈছে যে যুৱতীগৰাকীৰ গলত লাগি ধৰা সূতা আছিল চীনা সূতা (Chinese manjha slits girl's throat)। এই সূতাৰ বিক্ৰী আৰু সংৰক্ষণত নিষেধাজ্ঞা আৰোপ কৰা আছে যদিও চাহিদাৰ বাবে গোপনে বিক্ৰী কৰি আছিল উক্ত ঠাইত।


    চীনৰ এই সূতা চিলা উৰোৱাৰ বাবে যথেষ্ট ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা বহুকেইগৰাকী লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱা বাবে প্ৰশাসনেও ইয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতাৰ আদেশ জাৰি কৰিছিল। কিন্তু গোপনে বজাৰত বিক্ৰী কৰি থকাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই সূতা ইমান বিপদজনক যে ই ডিঙি সহজে কাটি পেলাব পাৰে। এই সূতাৰ ফলত বহু চৰায়ো মৃত্যুমুখত পৰিছে। উজ্জয়নিৰ এই ঘটনাৰ দুদিন মাত্ৰ আগেয়ে অঞ্চলটোত এটি শিশুও আহত হৈছিল। ইয়াৰ পিছত আৰক্ষীয়ে শুক্ৰবাৰে কেইবাখনো দোকানৰ পৰা চীনৰ সূতা জব্দ কৰিছিল।

    Published by:Gautam Barman
    First published: