உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভয়াৱহ! এদিনৰ ভিতৰতে ইংলেণ্ডৰ পৰা অহা কমেও ২০জনৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি

    ভয়াৱহ! এদিনৰ ভিতৰতে ইংলেণ্ডৰ পৰা অহা কমেও ২০জনৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি

    দেশৰ প্ৰতিটো বিমান বন্দৰত ইংলেণ্ডৰ পৰা অহা প্ৰতিগৰাকী যাত্রীৰ RT-PCR বাধ্যতামূলক কৰাৰ পাছত পোৱা গৈছে এই ফলাফল।

    দেশৰ প্ৰতিটো বিমান বন্দৰত ইংলেণ্ডৰ পৰা অহা প্ৰতিগৰাকী যাত্রীৰ RT-PCR বাধ্যতামূলক কৰাৰ পাছত পোৱা গৈছে এই ফলাফল।

    দেশৰ প্ৰতিটো বিমান বন্দৰত ইংলেণ্ডৰ পৰা অহা প্ৰতিগৰাকী যাত্রীৰ RT-PCR বাধ্যতামূলক কৰাৰ পাছত পোৱা গৈছে এই ফলাফল।

    • Share this:
    মঙলবাৰৰ দিনটোত ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা অতি কমেও ২০জন লোকৰ শৰীৰত পোৱা গৈছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইংলেণ্ডত ১৭টা  ৰূপান্তৰৰ অন্তত ভাইৰাছটোৱে সক্ৰমণৰ দিশৰ পৰা ৭০ শতাংশ বৃদ্ধি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষই ইতিমধ্যে কেতবোৰ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰৰ দিনটোত দেশৰ প্রতিটো বিমান বন্দৰত ইংলেণ্ডৰ পৰা অহা সকলো যাত্রীৰ ‘RT-PCR’ পৰীক্ষা বাধ্যতামূলক কৰা হৈছিল। Covid-19ত আক্ৰান্ত এই ২০গৰাকী ব্যক্তিক এতিয়া পৃথককৈ  চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

    উল্লেখযোগ্য যে, ২০জন যাত্ৰীয়েই ইংলেণ্ডৰ পৰা ভাৰতলৈ পোনে-পোনে Air Indiaৰ বিমান যোগে আহিছিল। ইয়াৰ ভিতৰত দিল্লী বিমান বন্দৰত ধৰা পৰিছে ৬জন, আহমেদাবাদত ৪জন, কলিকতাত দুজন আৰু অমৃৎসৰত ৮জন ।

    অৱশ্যে NITI আয়োগৰ অন্যতম সদস্য ডা৹ ভি কে পলে মঙলবাৰে নতুন দিল্লীত জনোৱা মতে কোৰোণা ভাইৰাছৰ এই নৱতম সংযোজনে সক্ৰমণৰ ফালৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই আৰু এতিয়ালৈ ভাৰতবৰ্ষত ইয়াৰ অৱস্থিতি পৰিলক্ষিত হোৱা নাই। অতি সম্প্ৰতি দেশে-বিদেশে চলি থকা প্রতিষেধক প্ৰস্তুতৰ কুচকাৱাজত ই একো প্ৰভাৱ নেপেলাই বুলি জানিবলৈ দিয়ে ডা৹ পলে।

    ইতিমধ্যে ইংলেণ্ড পৰা ভাৰতলৈ আহিবলগীয়া সকলো বিমান সেৱা বাতিল কৰিছে ভাৰত চৰকাৰে । ২৩ ডিচেম্বৰৰ মাজনিশাৰ পৰা ৩১ ডিচেম্বৰৰ মাজনিশালৈ বাতিল কৰা হৈছে সকলো বিমান সেৱা।
    Published by:Himangshu Bhuyan
    First published: