২০ মাহৰ শিশুৱে নিজে মৰিও বচাই থৈ গ’ল ৫জন মৃত্যুপথৰ যাত্ৰী শিশুক!

News18 Assam | News18-Assam
Updated:January 15, 2021, 1:23 PM IST
২০ মাহৰ শিশুৱে নিজে মৰিও বচাই থৈ গ’ল ৫জন মৃত্যুপথৰ যাত্ৰী শিশুক!
প্ৰতীকী ফটো

২০ মাহ বয়সীয়া ধনিষ্ঠা দিল্লীৰ ৰোহিণী এলেকাৰ বাসিন্দা। ৮ জানুৱাৰীত নিজৰ ঘৰৰ প্ৰথম মহলাৰ বেলকনিৰ পৰা তল পৰি যায় ধনিষ্ঠা।

  • Share this:
দেশৰ সৰ্বকনিষ্ঠ অংগদাতাৰূপে পৰিচিত হ’ল এটি ফুলকুমলীয়া কন্যা সিশু। যিয়ে নিজে গুচি গ’লেও বচাই থৈ গ’ল তাইৰ দৰেই আন পাঁচটি শিশুক। নিজৰ কন্যাক হেৰুৱায়ো পাঁচ আন শিশুৰ জীৱন ৰক্ষা কৰি চকুত পানী লৈও হাঁহিছে ধনিষ্ঠাৰ মাতৃয়ে।

২০ মাহ বয়সীয়া ধনিষ্ঠা দিল্লীৰ ৰোহিণী এলেকাৰ বাসিন্দা। ৮ জানুৱাৰীত নিজৰ ঘৰৰ প্ৰথম মহলাৰ বেলকনিৰ পৰা তল পৰি যায় ধনিষ্ঠা। লগতে শিশুটিক লৈ অহা হয় দিল্লীৰ শ্ৰী গংগাৰাম হাস্পতাললৈ। কিন্তু চিকিৎসকসকলৰ হাজাৰ চেষ্টা সত্ত্বেও ১১ জানুৱাৰীত শিশুটিক ব্ৰেইন ডেথ ঘোষণা কৰা হয়। তাৰ পিছতো ধনিষ্ঠাৰ চিকিৎসা চলাই গৈছিল পিতৃ–মাতৃয়ে।

ইয়াৰ ভিতৰতে তেওঁলোকৰ সৈতে পৰিচয় হয় অসহায় শিশুৰ পিতৃ–মাতৃৰ। চকুৰ সন্মুখতে তেওঁলোকে দেখিলে, অংগ সংস্থাপনৰ বাবে কত পিতৃ–মাতৃয়ে চকুৰ পানী টুকিছে। তেতিয়াই তেওঁলোকে স্থিৰ কৰে যে তেওঁলোকৰ কন্যাক কবৰ নিদি বা জ্বলাই নিদি অংগদান কৰিব। এই বিষয়ে শ্ৰী গংগাৰাম হাস্পতালৰ অধ্যক্ষ ডাঃ ডি এছ ৰানাৰ সৈতে কথা পতাত জনালে, ধনিষ্ঠাৰ পিতৃ আশিস কুমাৰ। তেওঁ জনায়, কন্যাৰ অংগদান কৰিব বিচাৰে তেওঁ। আশিস কুমাৰৰ এই কথাত সকলোৱে একেষাৰে সন্মত হয়। তেওঁ কয়, ‘‘প্ৰতি মিলিয়নত ০.২৬ শতাংশ অংগদান কৰা হয়। প্ৰতি বছৰে ৫ লাখ মানুহৰ মৃত্যু হয় অংগ নাপায়।’’

ধনিষ্ঠাৰ মস্তিষ্কত বাদে আন অংগসমূহে কাম কৰি আছে। হৃদপিণ্ড, লিভাৰ, দুটি কিডনী, কৰ্ণিয়া দান কৰা হৈছে। কিডনী দিয়া হৈছে এজন প্ৰাপ্তবয়স্কক।
Published by: Sanjay Kumar Das
First published: January 15, 2021, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি