• Home
  • »
  • News
  • »
  • nation
  • »
  • পুলৱামা কাণ্ডৰ ২ বছৰ, আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত পুলৱামাত শ্বহীদ হৈছিল ৪০জন জোৱান

পুলৱামা কাণ্ডৰ ২ বছৰ, আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত পুলৱামাত শ্বহীদ হৈছিল ৪০জন জোৱান

জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হৈছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ।

জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হৈছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ।

জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হৈছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ।

  • Share this:
আজি ১৪ ফেব্ৰুৱাৰী। ভেলেণ্টাইন ডে’। কিন্তু ২০১৯ চনৰ আজিৰ দিনটোতে জম্মু–কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল ৪০জনকৈ চি আৰ পি এফৰ জোৱান। সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান।

জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হৈছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে বিস্ফোৰকভৰ্তি বাহনেৰে চি আৰ পি এফৰ কনভয়ৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ।

চি আৰ পি এফৰ কনভয়টো শ্ৰীনগৰলৈ গৈ থকাৰ সময়তে লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে। পুলৱামা জিলাৰ অৱন্তিপুৰৰ লেথপুৰত সংঘটিত হৈছিল এই আক্ৰমণ। এই ভয়ংকৰ আক্ৰমণত চি আৰ পি এফৰ ৪০জন জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।
Published by:Sanjay Kumar Das
First published: