পিতৃ-মাতৃৰ মহানুভৱতা! মৃত্যুৰ পিছতো ৭টি জটিল ৰোগত আক্ৰান্ত শিশুক নতুন জীৱন দিলে আঢ়ৈ বছৰীয়া য়শে

News18 Assam | News18-Assam
Updated:December 17, 2020, 2:56 PM IST
পিতৃ-মাতৃৰ মহানুভৱতা! মৃত্যুৰ পিছতো ৭টি জটিল ৰোগত আক্ৰান্ত শিশুক নতুন জীৱন দিলে আঢ়ৈ বছৰীয়া য়শে
মৃত্যুৰ পিছতো সাতটিকৈ শিশুক জীৱন দান দি থৈ গ’ল এটি আঢ়ৈ বছৰীয়া এটি শিশুৱে।

মৃত্যুৰ পিছতো সাতটিকৈ শিশুক জীৱন দান দি থৈ গ’ল এটি আঢ়ৈ বছৰীয়া এটি শিশুৱে।

  • Share this:
মৃত্যুৰ পিছতো সাতটিকৈ শিশুক জীৱন দান দি থৈ গ’ল এটি আঢ়ৈ বছৰীয়া এটি শিশুৱে। ঘটনাটো সংঘটিত হৈছে চুৰাটত। যোৱা ৯ ডিচেম্বৰত ছুৰাটৰ ভাতাৰ অঞ্চলত য়শ সঞ্জীৱ ওঝা নামৰ আঢ়ৈ বঠৰীয়া শিশুটিয়ে ঘৰৰ বেলকনিত খেলি থকাৰ অৱস্থাত দুৰ্ভাগ্যজনক ভাবে তললৈ পৰি যায়। লগে লগে শিশুটিক লৈ যোৱা হয় চুৰাটৰ আম্ৰতা হাস্পতাললৈ। কিন্তু যোৱা সোমবাৰে চিকিত্‍সকৰ অশেষ চেষ্টাৰ পিছতো য়শে সাৱটি লয় মৃত্যু।

কিন্তু মৃত্যুৰ পিছতো য়শে জীৱন দিয়ে অন্য সাতটি শিশুক। শিশুটিৰ মৃত্যুৰ পিছতে পিতৃ-মাতৃয়ে সিদ্ধান্ত ল’লে যে, য়শৰ অংগ দান কৰা হ’ব। আৰু য়শৰ অংগ সংৰোপণ কৰা হয়  চিকিত্‍সালয়তে জীৱন-মৃত্যুৰে যুঁজি থকা আন ৭টি শিশুৰ দেহত। আনকি ৰাছিয়া আৰু ইউক্ৰেইনৰ দুটি শিশুৰো প্ৰাণ ৰক্ষা পৰে যশৰ অংগৰ সহায়ত।

য়শৰ কিডনী সংৰোপন কৰা হয় সুৰেন্দ্ৰ নগৰৰ ১৩ আৰু ১৭ বছৰীয়া দুটি শিশুৰ শৰীৰত। যশৰ চকু সংৰক্ষণ কৰা হয় ছুৰাটৰ আই বেংকত।

য়শৰ পিতৃ মাতৃৰ এনে মহানোভৱতাৰ এতিয়া শলাগ লৈছে সকলোৱে। দুৰ্ভগীয়া পিতৃ মাতৃয়েও য়শৰ অংগ সংৰোপণ কৰা শিশুকেইটিৰ মাজতে য়শ সদায় জীয়াই থাকিব বুলি লৈছে সান্তনা।
Published by: Himangshu Bhuyan
First published: December 17, 2020, 2:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি