আপুনি যাৰ হাতত নিজৰ সন্তানৰ দায়িত্ব অৰ্পণ কৰি দিনটোৰ বাবে ওলাই যায়, সেইগৰাকীৰ পৰিচাৰিকাৰ ওচৰত কিমান সুৰক্ষিত আপোনাৰ সন্তান? এই প্ৰতিবেদন পঢ়িলে আপুনি নিশ্চয় এই কথা ভাবিবলৈ বাধ্য হ'ব। কাৰণ যাৰ হাতত পিতৃ-মাতৃয়ে নিজৰ সন্তানক ৰাখি দিনটোৰ বাবে ওলাই যায়, সেই পৰিচাৰিকাৰ জঘন্য যৌন লালসাৰ চিকাৰ হৈছে ২ বছৰীয়া পুত্ৰ সন্তান। লজ্জাজনক ঘটনাটো সংঘটিত হৈছে দেশৰ ৰাজধানীত।
দিল্লীৰ সুভাষনগৰত মঙলবাৰে এই ঘটনা সংঘটিত হয়। নিশা স্থানীয় আৰক্ষী চকীত পৰিচাৰিকাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে শিশুটিৰ পিতৃয়ে। ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি ইতিমধ্যে আৰক্ষীয়ে ১৬ বছৰীয়া অভিযুক্ত পৰিচাৰিকাক আটক কৰিছে।
আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, শিশুটিৰ দেউতাকৰ অভিযোগ, মঙলবাৰে শিশুটিক চোৱা-চিটা কৰিবলৈ পৰিচাৰিকাগৰাকীক ঘৰলৈ লৈ অনা হৈছিল। আৰু তাতেই শিশুটিৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই যুৱতীগৰাকীয়ে।
পৰিয়ালৰ দাবী, অন্য দিনৰ দৰে সন্তানক ঘৰৰ চাদৰ ওপৰলৈ লৈ গৈছিল যুৱতীগৰাকীয়ে। কিন্তু কিছুসময়ৰ পিছতে সন্তানে চিৎকাৰ কৰা আৰম্ভ কৰে। লগে লগে শিশুটিৰ মাতৃ দৌৰি যায় সেই ঠাইলৈ।
অভিযোগকাৰীয়ে জনোৱা মতে, তেওঁৰ পত্নী যেতিয়া সেই ঠাইত উপস্থিত হয়, তেতিয়া কোঠাটোৰ দৰ্জা বন্ধ কৰা আছিল। পিছত যুৱতীগৰাকীক দৰ্জা খুলিবলৈ কয় শিশুটিৰ মাতৃয়ে। আৰু তাৰ পিছতে এই জঘন্য ঘটনা পোহৰলৈ আহে। শিশুটিৰ মাতৃয়ে জনাইছে যে, যেতিয়া অভিযুক্ত যুৱতীগৰাকীয়ে দৰ্জা খোলে তেতিয়া শিশুটিৰ যৌনাংগৰ পৰা তেজ নিৰ্গত হৈ আছিল। আৰু তাৰ পিছতে যুৱতীগৰাকী সেই ঠাইৰ পৰা পলাই যায়।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি নিউ দিল্লী ৰে'ল ষ্টেচনৰ পৰা যুৱতীগৰাকীক আটক কৰা হৈছে। ইতিমধ্যে দোষ চিকাৰ কৰিছে অভিযুক্ত যুৱতীগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|