জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টাৰ উদ্দেশ্যে সংঘটিত আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হ’ল ভাৰতৰ তিনিজন সেনা জোৱানে। জানিব পৰা মতে, এই অনুপ্ৰৱেশৰ চেষ্টা কৰা ২ জন সন্ত্ৰাসবাদীকো সেনাই গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়।
তথ্য অনুসৰি, আন্ধাৰৰ সুবিধা লৈ সন্ত্ৰাসবাদীৰ গোটটোৱে ৰাজৌৰীৰ ওচৰৰ পাৰ্গলৰ এটা পোষ্টত সোমাবলৈ অপচেষ্টা কৰিছিল কৰোঁতেই সতৰ্ক সেনাৰ জোৱানে সন্ত্ৰাসবাদীসকলক ধৰা পেলায় আৰু দুয়োপক্ষৰ মাজত হোৱা গুলীচালনা হয়। আক্ৰমণটোত আন দুজন জোৱানো আহত হয় আৰু তেওঁলোক বৰ্তমান অঞ্চলটোৰ এখন সেনা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভাৰতৰ এক আগশাৰীৰ সংবাদ সংস্থা ANIৰ মতে, উক্ত ঘটনা ৰাজৌৰীৰ পৰা ২৫ কিলোমটাৰ নিলগত সংঘটিত হয় য’ত ২ জন সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনাৰ এটা অপাৰেটিং বেছত ফিদায়েন আক্ৰমণ অৰ্থাৎ আত্মঘাতী আক্ৰমণৰ বাবে এক অভিযান চলাইছিল। ভাৰতীয় সেনাৰ বিষয়াসকলৰ উদ্ধৃতি দি ANIয়ে কয় যে, এই আক্ৰমণত সন্ত্ৰাসবাদী দুজন নিহত হৈছিল আৰু ভাৰতীয় সেনাৰ তিনিজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল।
বিশেষ সূত্ৰৰ মতে নিহত সন্ত্ৰাসবাদীকেঈটা JEM ফিদায়েনৰ সদস্য আছিল।